বৰমাত বাক্সা জিলা এবছুৰ ১৯ সংখ্যক অধিৱেশন

বৰমাত বাক্সা জিলা এবছুৰ ১৯ সংখ্যক অধিৱেশন

ডিজিটেল সংবাদ, বাক্সাঃ বাক্সা জিলা নিখিল বড়ো ছাত্ৰ সন্থাই দুদিনীয়াকৈ ৰবিবাৰৰ পৰা ১৯ সংখ্যক বাৰ্ষিক অধিবেশনখন বৰমা আঞ্চলিক এবছু কাৰ্য্যালয়ৰ সন্মুখত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে ৷

কাৰ্য্যসূচী অনুসৰি আজি পুৱা ৭ বজাত মুখ্যদ্বাৰ উন্মোচন কৰে বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়োৱে ৷ ইয়াৰ পিছতেই ৭.৩০ বজাৰ পৰা ক্ৰমান্বয়ে দাওহাৰু অংগদ চন্দ্ৰ চৌধুৰী সোঁৱৰণী মঞ্চ, বড়ো লোক সাহিত্যৰ ওজা সুকুমাৰ বসুমতাৰী সোঁৱৰণী ৰভাঘৰ, ৰমাকান্ত বসুমতাৰী সোঁৱৰণী প্ৰতিনিধি ঘৰৰ দ্বাৰ, উপেন শংকৰ কছাৰী সোঁৱৰণী জিৰণি চৰা, গণেশ বসুমতাৰী সোঁৱৰণী ভোজনালয়, চন্দন বড়ো সোঁৱৰণী প্ৰতিনিধি সভা (পুৰুষ), ৰাণী বড়ো আৰু ৰেখা বড়ো সোৱৰণী প্ৰতিনিধি সভা ( মহিলা ) গৃহ মুকলি কৰা হয় ।

পুৱা ভলীবল আৰু কাবাদী, আবেলি সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ আনাহাতে পুৱা সদ্যঘোষিত এ.পি.এছ.চি. পৰীক্ষাত উত্তীৰ্ণ হোৱা বাক্সা জিলাৰ ছয়জন কৃতি প্ৰাৰ্থী ক্ৰমে হৃদয়ানন্দ ব্ৰহ্ম, টুটু ৰাণী মোছাহাৰী, চোমাওচাৰ বড়ো, ৰাজিব বড়ো, অনিমেশ বড়ো আৰু কংকণা লাহাৰীক বাক্সা জিলাৰ এবছুই আৰণাই আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনায় ৷

আনহাতে বাক্সা জিলাৰ পৰা সাহিত্য একাডেমি বঁটা প্ৰাপক দেওবাৰ ৰামছিয়াৰী আৰু ৰশ্মি চৌধুৰীক সম্বৰ্দ্ধনা জনোৱাৰ লগতে কৃতী শিক্ষক ৰণিচ চাংগ্ৰাং ৰামছিয়াৰী আৰু ভাৰতীয় শিক্ষা বঁটা, ২০২৩ বঁটাপ্ৰাপক খ্ৰৌমছাৰ বসুমতিৰীক আৰণাই আৰু মানপত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷ ইয়াৰ পিছতেই “ Skill and quality Education: Towards a sustainable Future'' ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত সমল বেক্তি হিচাপে উপস্থিত থাকি ভাষণ ৰাখে তেজপুৰ বিশ্ববিদ্যালয় অধ্যাপক ড০ জোংছাৰ ব্ৰহ্ম , অসম আৰক্ষীৰ ডিএচপি বাৰদি বড়ো আৰু বিটিচিৰ লিংগ, মহিলা আৰু শিশু উন্নয়ন কাৰ্যসূচী সমন্বয়ক পদমিনি ব্ৰহ্মই ৷

সন্ধিয়া খাম, চিফুং, চেৰজা বজোৱা আৰু দাওশ্ৰী দেলাই নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ গধূলি বাক্সা জিলা এবছুৰ প্ৰতিনিধি সভাখন মুকলি কৰে কেন্দ্ৰীয় এবছুৰ উপ সভাপতি খৌৰোমদাও ওৱাৰীয়ে ৷ প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপুৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় ৷ কাইলৈ ২২ জানুৱাৰীৰ পুৱা ৪ বজাত মাৰাথান প্ৰতিযোগিতা উন্মোচন কৰিব বৰমা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপু বৰাই ৷ পুৱা ৮ বজাত এবছুৰ পতাকা উত্তোলন কৰিব বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীয়ে । ইয়াৰ পিছতেই স্মৃতি তৰ্পন কৰিব বাক্সা জিলা এবছুৰ উপ সভাপতি ভাৰত বড়োই ৷ পুৱা ৯ বজাত সাংস্কৃতিক সোভাযাত্ৰা উদ্ধোধন কৰিব বাক্সা জিলা আৰক্ষী অধিক্ষক উজ্জল প্ৰতিম বৰুৱাই। পুৱা ১০ বজাত " উথুমাই " স্মৃতিগ্ৰন্থ উন্মোচন কৰিব বিটিচিৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ এমচিএলএ বিজিৎ গৌৰা নাৰ্জাৰীয়ে ৷

দুপৰীয়া ১২ বজাত বাক্সা জিলা এবছুৰ সভাপতি উমেশ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত হব মুকলি অধিৱেশন ৷ অধিবেশনখন মুকলি কৰিব বিটিআৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় এবছুৰ সভাপতি দ্বীপেন বড়োই , নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিব বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিলকান্ত গয়াৰীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োই ৷ সন্ধিয়া ৬ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান ৷ সাংস্কৃতিক অনুষ্ঠান মুকলি কৰিব বিশিষ্ট কন্ঠ শিল্পী সুলেখা বসুমতাৰীয়ে ৷

বৰমাত বাক্সা জিলা এবছুৰ ১৯ সংখ্যক অধিৱেশন
বৰাগাঁওত শচীন দাসৰ ৰচনা-সুৰাৰোপিত গীত উন্মোচন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in