বৰাগাঁওত শচীন দাসৰ ৰচনা-সুৰাৰোপিত গীত উন্মোচন

বৰাগাঁওত শচীন দাসৰ ৰচনা-সুৰাৰোপিত গীত উন্মোচন

ডিজিটেল সংবাদ, গুৱাহাটীঃ শনিবাৰে এক অতি মাংগলিক পৰিৱেশৰ মাজত মহানগৰীৰ পশ্চিম বৰাগাঁওৰ গাখীৰ চ'কস্থিত "কাব্য কুঞ্জ" ভৱনত "পৰাগজ্যোতি প্ৰকাশন" ৰ উদ্যোগত বিশিষ্ট মননশীল গীতিকাৰ, সাহিত্যিক শচীন দাস ৰচিত আৰু সুৰাৰোপিত চাৰিটা গীত শুভ-উন্মোচন কৰে।

কণমানি শিল্পী মান্যতা তালুকদাৰৰ জ্যোতি সংগীতৰ পৰিৱেশনেৰে শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি অনাতাঁৰ আৰু দূৰদৰ্শন কেন্দ্ৰৰ উত্তৰ-পূৱ ভাৰতৰ অৱসৰপ্ৰাপ্ত সঞ্চালক তথা চলচ্চিত্ৰ নিৰ্মাতা দেবেন্দ্ৰ নাথ বসুমতাৰীয়ে কয়- 'নিজৰ চিনাকীৰে মানুহ মহান হ'ব পাৰে । শচীন দাসৰ সৃষ্টিৰাজি যুগজয়ী হৈছে ।" পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত গীত মুকলি কৰি বিশিষ্ট কন্ঠশিল্পী, ৰাজ্য চৰকাৰৰ শিল্পী বঁটা প্ৰাপক মনীষা হাজৰিকাই কয়- "যি সুৰে প্ৰাণ টানি ধৰে সেয়ে প্ৰকৃত গীত । ৰাইজে হৃদয়ংগম কৰিব গীত যুগে-যুগে থাকে ।"

অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব অঞ্জন শৰ্মাই আন এটা গীত মুকলি কৰি কয়- "আজিৰ সৰ্বাধিক সংখ্যক শিল্পীৰ গীতৰ তাল-মান-লয় বুজা নাজায় । জটিল ৰোগও গীত শুনি ভাল কৰিব পাৰি । ৰাছিয়া, নৰৱে, ফিনলেণ্ড, চুইজাৰলেণ্ড, ভুটান আদি দেশৰ মানুহ সুখত থকা কাৰণ- সংগীত প্ৰিয় ।" আন দুটি গীত মুকলি কৰে ক্ৰমে- বিশিষ্ট কন্ঠশিল্পী হাছিনা হাজৰিকা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, 'সাহিত্য কোঁৱৰ' কমল কলিতাই ।

অনুষ্ঠানত মুখ্য, বিশিষ্ট অতিথি হিচাপে অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ আহ্বায়ক তথা বিশিষ্ট সংগীতজ্ঞ, সুৰকাৰ অৱনী ৰঞ্জন পাঠক, পদ্মশ্ৰী প্ৰাপক বিশিষ্ট সাহিত্যিক ড০ ৰোমান শৰ্মা, চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, জালুকবাৰীৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডা: ধনেশ্বৰ কলিতা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি তথা বিশিষ্ট শিল্পী দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, অৱসৰপ্ৰাপ্ত কৃষি বিজ্ঞানী ড০ মনোৰঞ্জন দাস, বিশিষ্ট গায়ক কৃপাময় দাসে সভাত অংশ লৈ নিৰৱ সাহিত্যিক, গীতিকাৰ শচীন দাসৰ গীতৰ সৃষ্টিত বাঙ্ময় সৌন্দৰ্য লুকাই থকাৰ কথা ব্যক্ত কৰে ।

অনুষ্ঠানত 'সংযোগ' আলোচনীৰ সম্পাদক প্ৰশান্ত গগৈ, ৰূপক জি দুৱৰা, সুমিত্ৰা বসুমতাৰী, অনিলা দাস, দীপালি বৰা ৰাভা, মৃদুলা বৰাই ভিন-ভিন ভাষাত কবিতা পাঠ কৰে । উল্লেখ্য যে চাৰিটা গীতত কন্ঠ দান কৰিছে ডিব্ৰুগড়ৰ ডলী গগৈ বৰুৱা, ৰঞ্জিতা বৰুৱাই । সংগীত ব্যৱস্থাপনা ডিব্ৰুগড়ৰ অনাতাঁৰ কেন্দ্ৰৰ বিশিষ্ট সংগীত পৰিচালক উৎপল দত্তৰ ।

বৰাগাঁওত শচীন দাসৰ ৰচনা-সুৰাৰোপিত গীত উন্মোচন
মঙলদৈত অসম জ্যেষ্ঠ নাগৰিক সন্মিলন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in