দিন-দুপৰতে ভেণ্টিলেটৰ ভাঙি চোৰে লৈ গ'ল মূল্যবান সামগ্ৰী...

বিশ্বনাথৰ মধুপুৰত চোৰৰ চাফাই অভিযান। দিন দুপৰতে ভেণ্টিলেটৰ ভাঙি চোৰে চাফাই অভিযান চলাই এঘৰত।

author-image
Asomiya Pratidin
New Update
দিন-দুপৰতে ভেণ্টিলেটৰ ভাঙি চোৰে লৈ গ'ল মূল্যবান সামগ্ৰী...

ডিজিটেল সংবাদ, বিশ্বনাথঃ বিশ্বনাথৰ মধুপুৰত চোৰৰ চাফাই অভিযান। দিন দুপৰতে ভেণ্টিলেটৰ ভাঙি চোৰে চাফাই অভিযান চলাই এঘৰত। চোৰৰ দলটোয়ে ঘৰখনৰ গডৰেজৰ লক ভাঙি সোণ-ৰূপৰ আ-অলংকাৰৰ লগতে নগদ পাঁচ হাজাৰ টকা লৈ উধাও হয়।

Advertisment

উল্লেখ্য যে, বুধবাৰে পুৱা ১১.৩০মান বজাত বিশ্বনাথৰ মধুপুৰৰ ভদিৰাম কলিতাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে ঘৰৰ পিছফালৰ ভেণ্টিলেটাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰে। দলটোৱে ঘৰৰ সকলো সামগ্ৰী লণ্ড-ভণ্ড কৰাৰ লগতে গডৰেজৰ লকাৰ ভাঙি লৈ যায় সোণৰ আ-অলংকাৰ।

ঘটনাৰ সন্দৰ্ভত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী দল ভুক্তভোগীৰ ঘৰত উপস্থিত হৈ তদন্তৰ কাম আৰম্ভ কৰে। ইফালে ভুক্তভোগীৰ ঘৰত এয়ে প্ৰথম চুৰিৰ ঘটনা নহয়। ইয়াৰ পূৰ্বেও ৪বাৰকৈ চোৰে ঘৰখনত চুৰিকাণ্ড চলাই বহু মূল্যবান সামগ্ৰী লৈ যোৱা বুলি ভুক্তভোগীয়ে জানিব দিছে।

Also Read: তেজপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও শিক্ষাৰ্থীৰ...

Assam police tezpur