তেজপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও শিক্ষাৰ্থীৰ...

তেজপুৰৰ এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰিলে শিক্ষাৰ্থীয়ে।

author-image
Asomiya Pratidin
New Update
তেজপুৰত বিদ্যুৎ বিভাগৰ কাৰ্যালয় ঘেৰাও শিক্ষাৰ্থীৰ...

ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰৰ এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰিলে শিক্ষাৰ্থীয়ে। 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ লাইভ ষ্ট্ৰিমিঙৰ সময়তে বিদ্যুৎ কৰ্তন কৰাক লৈ কাৰ্যালয় ঘেৰাও কৰে শিক্ষাৰ্থীয়ে। তেজপুৰৰ চৰকাৰী উচ্চতৰ বহুমুখী কন্যা বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ঘেৰাও কৰে কাৰ্যালয়টো।

উল্লেখ্য ৰাজ্যৰ আন আন বিদ্যালয়ৰ লগতে উক্ত বিদ্যালয়খনতো পূৰ্বৰে পৰা লাইভ ষ্ট্ৰিমিঙৰ বাবে কৰ্তৃপক্ষই ব্যৱস্থা কৰিছিল। শিক্ষা বিভাগৰ নিৰ্দেশনা অনুসৰিয়েই পুৱাৰ পৰা সন্ধিয়া ৬ বজালৈ অপেক্ষা কৰি আছিল শিক্ষাৰ্থীসকল। আনহাতে জানিব পৰা অনুসৰি বিদ্যালয়ৰ ফালৰ পৰা এ পি ডি চি এল কাৰ্যালয়ক লাইভ ষ্ট্ৰিমিঙৰ সময়ত বিদ্যুৎ কৰ্তন নকৰিবলৈও পূৰ্বে আহ্বান জনাইছিল ।

ইপিনে বিদ্যালয়খনৰ পৰা এ পি ডি চি এলৰ কাৰ্যালয়ৰ মাজৰ দূৰত্ব মাত্ৰ ৫০০ মিটাৰ। তাৰ পাছতো বিভাগটোৱে বিদ্যুৎ কৰ্তন কৰে বুলি ক্ষোভত জ্বলি উঠে শিক্ষাৰ্থীসকল।

Also Read: বিদেশত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ভাৰতীয় ক্ৰিকেট দল...

apdcl