বিদেশত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ভাৰতীয় ক্ৰিকেট দল...

বিদেশত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ভাৰতীয় ক্ৰিকেট দল...

ডিজিটেল ডেস্কঃ দেশ প্ৰেম। বিদেশত থাকি দেশৰ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল ভাৰতীয় ক্ৰিকেট দল। চন্দ্ৰৰ বুকুত সফল অৱতৰণ কৰিলে 'চন্দ্ৰযান-৩'য়ে। ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ'ল ভাৰতবাসী। এই সফল অৱতৰণৰ সাক্ষী হৈ ৰ'ল ভাৰতীয় ক্ৰিকেট দলো। আয়াৰলেণ্ডৰ ডুবলিনত ষ্টেডিয়ামৰ বাকৰিতেই লাইভ ষ্ট্ৰিমিঙৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দল সাক্ষী হ'ল মাহেন্দ্ৰ ক্ষণৰ।

সামাজিক মাধ্যমৰ জৰিয়তে বিচিচিআয়ে শ্বেয়াৰ কৰিলে এই দৃশ্য। এই সময়চোৱাত দেশবাসীৰ সমানে সমানে ভাৰতীয় ক্ৰিকেট দলটোকো যথেষ্ট উৎফুল্লিত দেখা গৈছিল। উল্লেখ্য যে, বুধবাৰৰ আয়াৰলেণ্ড বনাম ভাৰত খেলখনৰ পূৰ্বে 'চন্দ্ৰযান-৩'ৰ চফ্ট লেণ্ডিঙৰ সময়খিনিৰ সাক্ষী হয় ভাৰতীয় ক্ৰিকেট দলটো।

বিদেশত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ল ভাৰতীয় ক্ৰিকেট দল...
ভাৰতলৈ শুভেচ্ছাৰ বৰষুণঃ চন্দ্ৰযান-৩ৰ সফল অৱতৰণত দেশবাসীক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in