৭ হাজাৰ টকাৰ বাবে হত্যা বন্ধুক!

তেজপুৰত সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা। তেজপুৰৰ ভোজখোৱা চাপৰিৰ খাইৰুল ইছলাম (২৭) নামৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু।

author-image
Asomiya Pratidin
New Update
৭ হাজাৰ টকাৰ বাবে হত্যা বন্ধুক!

ডিজিটেল ডেস্কঃ তেজপুৰত সংঘটিত হৈছে এক ৰহস্যজনক হত্যাকাণ্ডৰ ঘটনা। তেজপুৰৰ ভোজখোৱা চাপৰিৰ খাইৰুল ইছলাম (২৭) নামৰ এজন যুৱকৰ ৰহস্যজনক মৃত্যু।

Advertisment

ভোজখোৱা চাপৰিৰ ইছলাম আলি আৰু ৰেজেক নামৰ দুজন বন্ধুৰ সৈতে অৰুণাচললৈ যোৱাৰ কথা আছিল খাইৰুল ইছলামৰ। কিন্তু বৃহস্পতিবাৰে পুৱা খাইৰুল ইছলামৰ মৃতদেহ পথাৰৰ মাজত উদ্ধাৰ হোৱা ঘটনাই তেজপুৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পৰিয়ালৰ মতে এইয়া এক হত্যাকাণ্ড। খাইৰুলৰ হাতত থকা ৭ হাজাৰ টকাৰ বাবে খাইৰুলক দুজন বন্ধুৱে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ। আৰক্ষী উপস্থিত হৈ বৰ্তমান অনুসন্ধান অব্যাহত ৰাখিছে। কিন্তু ইছলাম আলি আৰু ৰেজেক নামৰ বন্ধু দুজনক ৰাইজে খেদি খেদি  ধৰি আৰক্ষীক গটাই দিছে।

Also Read: মনিপুৰত ৮ খন বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ

crime Assam police