/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/744f6984-97d2-4e0f-b28e-1b5ca0e58283/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটি লোৱা গহপুৰৰ বাসন্তীপুৰৰ মেধাৱী ছাত্ৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত দেওবাৰে আয়োজন কৰা হয় এক বিশেষ সভাত। সভাত এইবাৰৰ "গংগোত্ৰী গোস্বামী সোঁৱৰণী মেধা বঁটা" প্ৰদান কৰা হয় বিহপুৰীয়া কেন্দুগুৰিৰ মেধাৱী ছাত্ৰী দৰ্শনা কাশ্যপক। উল্লেখ্য যে এই সভা অনুষ্ঠিত কৰা হয় গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিশেষ সভাকক্ষত।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/941bf737-8e49-479f-b978-0c3b7038c4d3/2e0a1922_c490_457f_b44d_1bd687e73428.jpg)
২০১৫ চনৰ ১৬ ডিচেম্বৰত এক শোকাৱহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লোৱা তেজপুৰৰ বহুমুখী প্ৰতিভাৰ অধিকাৰী গংগোত্ৰী গোস্বামীৰ সোঁৱৰণত ২০১৬ চনৰ পৰাই তেওঁৰ জন্মদিন অৰ্থাৎ ১০ ছেপ্তেম্বৰত আৰ্থিকভাবে পিছপৰা মেধাৱী ছাত্ৰীলৈ এই বঁটা প্ৰদান কৰি অহা হৈছে। সেই অনুসৰি এইবাৰ বিহপুৰীয়া কেন্দুগুৰিৰ অশোক শৰ্মা আৰু জুমী দেৱীৰ কন্যা তথা গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ বিগত সময়ৰ মেধাৱী ছাত্ৰী দৰ্শনা কাশ্যপক গংগোত্ৰীৰ পিতৃ গকুল গোস্বামী, মাতৃ মমী ভাগৱতী, সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান পূজাৰী, শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামী, অধ্যক্ষ জয়ন্ত শইকীয়া, প্ৰবীণ শিক্ষাবিদ নলীন শৰ্মা আৰু অকণিৰ সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱাৰ জৰিয়তে আনুষ্ঠানিকভাবে এই বঁটা প্ৰদান কৰা হয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/45d1128e-48bc-4424-9374-a1145721260c/252b042d_e8f9_4f95_b750_5d53afd5821c.jpg)
উল্লেখ্য যে এইবাৰ এই বঁটা প্ৰদান অনুষ্ঠান তেজপুৰৰ "গংগোত্ৰী গোস্বামী সোঁৱৰণী কক্ষ"ৰ সলনি বঁটা প্ৰাপক দৰ্শনা কাশ্যপ আবাসিক ছাত্ৰী হিচাপে থকা গহপুৰৰ শংকৰদেৱ শিক্ষা নিকেতনৰ প্ৰেক্ষাগৃহত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত কৰা হয়। য'ত উপস্থিত থাকে বিশিষ্ট ব্যক্তি আৰু শিক্ষাৰ্থীসকল। বঁটা প্ৰদান অনুষ্ঠানত সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট কবি জ্ঞান পূজাৰীয়ে ভাষণ প্ৰসংগত বৰ্তমান সময়ত শিক্ষাৰ্থীসকল অধিক প্ৰতিযোগিতামুখী হৈ যথেষ্ট মানসিক চাপত ভুগিব লগা হয় বুলি ব্যক্ত কৰে। তেওঁ এই সন্দৰ্ভত কটাত সংঘটিত আত্মহত্যা জনিত ঘটনাৰ তথ্য সদৰী কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2bcd80c7-acd8-4e6c-ad30-1f822cb7cc74/21d9b4bb_bcc8_4702_bbf9_cabc4dd14108.jpg)
অনুষ্ঠানত অকণি সাহিত্য সভাৰ সভাপতি পংকজ বৰুৱা, শংকৰদেৱ শিক্ষা নিকেতনৰ মুৰব্বী উদয় আদিত্য গোস্বামী আৰু অধ্যক্ষ জয়ন্ত শইকীয়া, জ্যেষ্ঠ সাংবাদিক ভূৱন শইকীয়াইও ভাষণ আগবঢ়ায়। আনহাতে বঁটাত নগদ ধন, এজোৰ কাপোৰ, স্মাৰক, গ্ৰন্থৰ টোপোলা, গংগোত্ৰী গোস্বামী সম্পৰ্কীয় বিশেষ গ্ৰন্থ গ্ৰহণ কৰি মেধাৱী ছাত্ৰী দৰ্শনা কাশ্যপে নিজৰ অনুভৱ সদৰী কৰি ভৱিষ্যতে গংগোত্ৰীৰ আদৰ্শ জীয়াই ৰাখিবলৈ বদ্ধপৰিকৰ বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/cf396399-59e1-40c3-9562-5218dd143dae/3498db92_7220_4317_b337_a5dcc33e8a4e.jpg)
সভাৰ আৰম্ভণিতে শংকৰদেৱ শিক্ষা নিকেতনৰ সভাপতি উদয় আদিত্য গোস্বামীয়ে গংগোত্ৰী গোস্বামীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ পিছত পিতৃ-মাতৃৰ লগতে বিশিষ্ট ব্যক্তিসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্মৰ্তব্য যে, সভাৰ আদৰণি ভাষণ তথা শলাগৰ শৰাই আগবঢ়াই গংগোত্ৰী গোস্বামীৰ মাতৃ মমী ভাগৱতীয়ে। ইপিনে অনুষ্ঠানটিত বিদ্যালয়খনৰ শিক্ষাৰ্থী ওম পাল আৰু কৌস্তুভমণি কেওঁটে বৰগীত পৰিবেশন কৰাৰ লগতে অনুষ্ঠানটিত দৰ্শনা কাশ্যপৰ পিতৃ-মাতৃ ক্ৰমে অশোক শৰ্মা আৰু জুমী দেৱীৰ লগতে তেজপুৰৰ ফটো সাংবাদিক সমীৰ কৰক গংগোত্ৰীৰ পৰিয়ালৰ তৰফৰ বিশেষভাবে সন্মানিত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/883b0d9d-f75b-4f07-9aea-92e4757f9a01/a10b168b_90fc_4bd2_b76e_3bd099ffe686.jpg)
Also Read: অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনঃ কি আশা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই