অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনঃ কি আশা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই

সকলো পক্ষৰ পৰা সহযোগীতা আহ্বান সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ...
অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনঃ কি আশা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই

ডিজিটেল সংবাদ, গুৱাহাটীঃ সোমবাৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। পোন প্ৰথমবাৰৰ বাবে নৱনিৰ্মিত অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব এই অধিৱেশন। দেওবাৰে অধিৱেশন সন্দৰ্ভত সাংবাদিকক সম্বোধন কৰি কেটবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

সম্পূৰ্ণ নতুন সা-সুবিধাৰে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনখন নৱনিৰ্মিত ভৱনত সূচাৰুৰূপে পৰিচালিত হ’ব বুলি আশ্বস্ত বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকা। আগন্তুক অধিৱেশনত প্ৰায় ২৩খন বিল বিধানসভাত উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। নিয়াৰিকৈ যাতে অধিৱেশন সম্পন্ন হয় সকলো পক্ষক আহ্বান জনোৱাৰ লগতে বিৰোধী পক্ষৰ পৰা সহযোগীতা বিচাৰে মন্ত্ৰীগৰাকীয়ে।

চৰকাৰৰ তৰফৰ পৰা বিৰোধী পক্ষক পূৰ্বৰ দৰেই সময় দিয়াৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰে তেওঁ। পঞ্চায়তীৰাজ সংশোধন বিল, কেইবাখনো মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰাকে ধৰি অন্যান্য বিভাগৰ কেইবাখনো গুৰুত্বপূৰ্ণ বিল অধিৱেশনত উত্থাপন কৰা হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। দুদিনৰ ভিতৰত এইবিলসমূহ গৃহীত কৰাৰ বাবে সময় লোৱাৰ কথা প্ৰকাশ পীযুষ হাজৰীকাৰ।

অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনঃ কি আশা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই
নকল চহী কৰি নগাঁও আৰক্ষীৰ জালত লংকাৰ ব্যক্তি

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in