টেট প্ৰাৰ্থীৰ বিলৈ, চাৰি বছৰে অনুষ্ঠিত হোৱা নাই পৰীক্ষা

টেট প্ৰাৰ্থীৰ বিলৈ, চাৰি বছৰে অনুষ্ঠিত হোৱা নাই পৰীক্ষা

ডিজিটেল ডেস্ক : আবেদনকাৰী আছে, পদ আছে, তথাপিও বিফল পৰীক্ষা অনুষ্ঠিত কৰাত । ২০১৯ বৰ্ষতেই শেষ বাৰৰ বাবে অনুষ্ঠিত হৈছিল মাধ্যমিক টেট । প্ৰায় ১১ হেজ‍াৰৰো অধিক প্ৰাৰ্থীয়ে আবেদন জনাইছিল ২০১৯ বৰ্ষৰ মাধ্যমিক টেটৰ বাবে । ইতিমধ্যে গৰিষ্ঠ সংখ্যকৰেই সংষ্ঠাপনো হৈ গ'ল ৰাজ্যখনৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত । সকলো ঠিকেই আছিল ২০১৯ চনলৈ । কিন্তু তাৰ পাছত অনুষ্ঠিত নহ'ল টেট । লক্ষাধিক টকাৰে বি এড পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ উত্তীৰ্ণও হ'ল বহু প্ৰাৰ্থী ।

কিন্তু টেটত উত্তীৰ্ণ নোহোৱাকৈ কিদৰে চৰকাৰী শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব পাৰিব শিক্ষকৰূপে । নিযুক্তি লাভ কৰিবলৈ অনুষ্ঠিতই হোৱা নাই টেট । মুঠতে এতিয়া ৰাজ্যখনত অনিশ্চিত ভৱিষ্যত বোকোচাত বান্ধি কোনো যাদুৰ অপেক্ষাত এচাম উচ্চ শিক্ষিত নিবনুৱা । ইয়াতেই বিফল ৰাজ্যৰ শিক্ষা আৰু প্ৰশাসনিক ব্যৱস্থা ।

উল্লেখ্য যে, মাধ্যমিক শিক্ষা বিভাগে খালী পদ পূৰণ কৰাৰ লক্ষ্যৰে প্ৰকাশ কৰিছে ৭,৭৫৫ টা স্নাতক শিক্ষকৰ পদৰ বিজ্ঞাপন । এই ৭,৭৫৫ টা পদৰ ভিতৰত ৭৫০০ টা পদেই হৈছে প্ৰাদেশিক মাধ্যমিক বিদ্যালয়ৰ আৰু ২৫৫ টা হৈছে চৰকাৰী মাধ্যমিক বিদ্যালয়ৰ । কিন্তু মাধ্যমিক শিক্ষা বিভাগৰ এই সাত সহস্ৰাধিক পদৰ বিজ্ঞাপনক লৈ নিবনুৱা মেধাৱী যুৱক-যুৱতীৰ মাজত তীব্ৰ ক্ষোভ-প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । কিয়নো এই বৃহৎ সংখ্যক পদৰ বিপৰীতে আবেদন কৰাৰ বাবে ৰাজ্যত নাই পৰ্যাপ্ত টেট উত্তীৰ্ণ । কিন্তু আছে কেৱল বি এডৰ শিক্ষাৰ্থী । কিয়নো বিগত চাৰি বছৰ ধৰি ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা নাই মাধ্যমিক টেট ।

এনে পৰিস্থিতিত এই বিজ্ঞাপনত কোনে আবেদন কৰিব সেইয়া লৈ এতিয়া ক্ষোভ প্ৰাৰ্থীসকলৰ মাজত ।

উল্লেখ্য যে, খালী পদ পূৰণৰ বাবে শিক্ষা বিভাগে সাত সহস্ৰাধিক পদৰ বিজ্ঞাপন প্ৰকাশ কৰাটো স্বাভাৱিকতেই প্ৰশংসনীয় । কিন্তু ৰাজ্যত নাই পৰ্যাপ্ত অৰ্হতাসম্পন্ন প্ৰাৰ্থী । শিক্ষা বিভাগৰ এক সূত্ৰই জনোৱামতে মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ সংখ্যা ৰাজ্যত ৫০০তকৈও কম ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in