দেশত অব্যাহত আছে নাম সলনিৰ অভিযান, উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

দেশত অব্যাহত আছে নাম সলনিৰ অভিযান, উচ্চতম ন্যায়ালয়ত আবেদন দাখিল

ডিজিটেল ডেস্ক : দেশত উন্নতিৰ নামত ঐতিহাসিক স্থান সমূহৰ নাম সলনিৰ ধাৰা অব্যাহত আছে । ধৰ্মীয় বিদ্বেষ আৰু ইতিহাস বিকৃতিকৰণৰ উন্মাদনাত আৱদ্ধ এচাম লোক । উচ্চতম ন্যায়ালয়ত ইতিমধ্যে আবেদন দাখিল কৰা হৈছে ঐতিহাসিক ধৰ্মীয় স্থান সমূহৰ প্ৰকৃত নাম বিচাৰি উলিয়াবৰ বাবে । তাৰ পাছত পুনৰ প্ৰকৃত নামলৈ সলনি কৰা হ'ব এনে ঐতিহাসিক স্থানসমূহৰ নাম ।

উচ্চতম ন্যায়লয়ত এই আবেদন দাখিল কৰিছে অশ্বিনী কুমাৰ উপাধ্যায় নামৰ এগৰাকী অধিবক্তাই । এই আবেদনৰ অন্তৰালৰ কাৰণ হ'ল অতীজৰে পৰাই ভাৰতক সময়ে সময়ে আক্ৰমণ কৰিছিল বহু অত্যাচাৰী শাসকে । কেৱল আক্ৰমণতেই ক্ষান্ত নাথাকি মঠ-মন্দিৰ সমূহত থকা ধন-সম্পত্তি লুট-পাট কৰি ভাঙি পেলাইছিল বহু তেনে ধৰ্মীয় উপাসনাস্থলী । এই ধৰ্মীয় অসহিষ্ণুতাৰ বলি হৈছিল হেজাৰ বিজাৰ লোক । কোনো কোনো শাসকে ৰাজত্বৰ সময়ছোৱাত ধৰ্মীয় উপাসনাস্থলী সমূহ সম্পূৰ্ণ ৰূপে ধ্বংস কৰি নতুনকৈ নামাকৰণো কৰিছিল যি নামেৰে আজিও পৰিচিত বহু ঐতিহাসিক ধৰ্মীয়স্থলী ।

ইতিহাসৰ তেনে অত্যাচাৰী শাসকৰ শাসনতন্ত্ৰৰ প-ৰা মুকলি হোৱাৰ প্ৰচেষ্টাৰেই পুনৰ নামাকৰণ কৰা হ'ব তেনে উপাসনাস্থলী সমূহ ।

এই আবেদনৰ ভিত্তিত ভাৰতীয় পুৰাতত্ব বিভাগে চলাব এক অভিযান আৰু ঐতিহাসিক স্থলী সমূহৰ পূৰ্বৰ প্ৰকৃত নাম বিচাৰি পালেই আৰম্ভ হ'ব পুনৰ নামাকৰণৰ প্ৰক্ৰিয়া ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in