/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/dd6cc7e0-f457-4130-b0a6-445a759cd7cd/ijij.jpg)
ডিজিটেল সংবাদ, হোজাইঃ গৰু বিহুৰ দিনা হোজাই নীলবাগানত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ নীলবাগান সাপ্তাহিক বজাৰৰ সমীপত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভষ্মীভূত এটি ঘৰ ৷
মনিকন নেচা নামৰ মহিলা গৰাকীৰ ঘৰ নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে। ঘৰত থকা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰন ঘটাত অগ্নিকাণ্ডই লয় ভয়ংকৰ ৰূপ ৷
স্থানীয় লোকে বহু প্ৰচেষ্টাৰ অন্তত নিৰ্বাপন কৰে জুই ৷ খবৰ দিয়াৰ পাছতো বহু পলকৈ উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ বাহন। অগ্নিকাণ্ডৰ ফলত ঘৰৰ আচবাব আদিৰ লগতে বহু নথি-পত্ৰও জ্বলি যায়।
আজিৰ এই অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সা-সম্পত্তি জুইত জাহ যায়। অৱশ্যে এতিয়ালৈকে অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।
Also Read: সোণাপুৰ আৰক্ষীৰ জালত বাইক চোৰৰ গেং..