ঘিলামৰাত অগ্নিকাণ্ডত ভস্মীভূত ধানৰ ভঁৰাল

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মহমৰা দিঘলী গাঁওত দেওবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত এক অগ্নিকাণ্ডত এগৰাকী চহাৰ এটা ধান ভৰ্তি ভঁৰাল ভস্মীভূত হয়।

author-image
Asomiya Pratidin
New Update
ঘিলামৰাত অগ্নিকাণ্ডত ভস্মীভূত ধানৰ ভঁৰাল

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত  মহমৰা দিঘলী গাঁওত দেওবাৰে নিশা প্ৰায় ৮ বজাত সংঘটিত এক অগ্নিকাণ্ডত এগৰাকী চহাৰ এটা ধান ভৰ্তি ভঁৰাল ভস্মীভূত হয়। ঘটনাৰ বিবৰণি মতে ম'হমৰা দীঘলী গাঁওৰ দন্দেশ্বৰ গোঁহাইৰ এটা ধান ভৰ্তি ভঁৰালত দেওবাৰে নিশা প্ৰায় ৮ বজাত  অগ্নিকাণ্ড সংঘটিত হয়।

Advertisment

গৃহস্থই ঘটনাৰ উমান পাই ঘিলামৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন দাসক অৱগত কৰাত ভাৰপ্ৰাপ্ত বিষয়া দাসে লগে লগে গৈ ঘটনাস্থলীত উপস্থিত হৈ ঢকুৱাখনা দুৰ্যোগ প্ৰশমন বিভাগক দৃষ্টি গোচৰ কৰাত ঢকুৱাখনাৰ দুখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে ক্ষীপ্ৰতাৰে গৈ জুই নিৰ্বাপিত কৰে ।

ঘিলামৰা আৰক্ষী,স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপিত হয় যদিও গোঁহাইৰ ভঁৰালটো সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়। অৱশ্যে ভঁৰালৰ পৰা বাস গৃহ দূৰত থকাৰ বাবে ক্ষয় ক্ষতিৰ পৰিমাণ বৃদ্ধি নহল।  অগ্নিকাণ্ডৰ কাৰণ অদ্যপি জানিব পৰা নাই ।

আৰু পঢ়ক: ''মই নহয়, মোলৈ ফোন কৰি নিজৰ পৰিচয় দিছিল অভিনেতা জনে'' পুনৰ মুখ্যমন্ত্ৰীৰ টুইট...

fire dhakuakhana