বোকাখাত গড়কাপ্তানি বিভাগৰ আশীষধন্য ঠিকাদাৰৰ কামৰ নমুনা : নির্মাণকালতে ফাট মেলিলে পকী দলঙৰ গার্ডৱালে !

ত্ৰুটি নিৰাময়ত গুৰুত্ব নাই গড়কাপ্তানি বিভাগৰ
বোকাখাত গড়কাপ্তানি বিভাগৰ আশীষধন্য ঠিকাদাৰৰ কামৰ নমুনা : নির্মাণকালতে ফাট মেলিলে পকী দলঙৰ গার্ডৱালে !

ডিজিটেল সংবাদ, বোকাখাত : ত্ৰুটিপূর্ণ নির্মাণৰ বাবেই বোকাখাত গড়কাপ্তানি বিভাগৰ অধীনষ্ঠ এটা পথত নির্মিত এখন পকী দলঙৰ গার্ডৱালত নির্মাণ কার্য সম্পূর্ণ নহওতেই বৃহৎ ফাঁটৰ সৃষ্টি হোৱাৰ পিছতো সংশ্লিষ্ট ঠিকাদাৰ, বিভাগীয় কর্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থাই গ্ৰহণ নকৰাৰ বিষয়টোৱে ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

উল্লেখযোগ্য যে, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ গৃহসমষ্টিৰ বোকাখাতৰ অন্তর্গত আনন্দপুৰ আৰু কৈলাখাট গাঁও সংযোগী পথছোৱাই দীর্ঘদিনৰ অন্তত প্ৰথমবাৰৰ বাবে পকীকৰণৰ মুখ দেখিছিল ৷ উল্লেখযোগ্য যে, ২০২১ বর্ষৰ ছেপ্তেম্বৰ-আক্টোাবৰ মাহতে নির্মাণৰ কাম আৰম্ভ কৰিছিল প্ৰায় ৪০০ মিটাৰ পথছোৱা আৰু পথছোৱাত থকা এখন পকী দলং ৷

দীর্ঘদিন ধৰি অতি শামুকীয়া গতিৰে কাম চলোৱাৰ পিছত ত্ৰুটি‍পূর্ণ নির্মাণৰ বাবেই নির্মাণ কালতে পকী দলংখনৰ এখন গার্ডৱালত বৃহৎ ফাঁটৰ সৃষ্টি হয়৷ জানিব পৰা অনুসৰি, বোকাখাত গড়কাপ্তানি বিভাগৰ পুতুল পাৰিখ নামৰ এজন ঠিকাদাৰে ঠিকা লৈছিল প্ৰায় ১ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰিব লগা আনন্দপুৰ কৈলাখাট সংযোগী পথছোৱা ৷

কিন্তু কেৱল পকী দলংখনেই যে ত্ৰুটিপূর্ণ তেনে নহয়, চি.চি. ব্লক দিয়া প্ৰায় ৪০০ মিটাৰৰ এই পথচোৱা নির্মাণ কৰা হ’ল যথেষ্ট ওখেৰো-মোখোৰাকৈ৷ তদুপৰি, নির্মাণৰ ত্ৰুটিৰ বাবেই দলংখনৰ দক্ষিটণ ফালৰ দলং আৰু পথৰ সংযোগথল ভালেমান বহি গৈছে ৷ একেদৰে দক্ষিণ দিশৰ পথছোৱাৰ এটা ফাল বহি গৈ থকাও পৰলক্ষিলত হৈছে ৷ খুব সোনকালেই এইছোৱা পথ যাতায়াতৰ অনুপযোগী হৈ পৰাৰ আশংকাত কটাইছে অঞ্চলবাসী ৰাইজ ৷

লক্ষ্যণীয় যে, কৈলাখাটকে ধৰি কেইবাখনো গাঁৱৰ বৃহত্তৰ ৰাইজ অহা-যোৱাৰ অন্যতম গুৰুত্বপূর্ণ পথ হিচাপে বিবেচিত হৈ অহা পথছোৱা প্ৰথমবাৰৰ বাবে পকীকৰণ হৈছে ৷ প্ৰায় ২৫ বছৰৰ পিছত আৱন্টিত হোৱা পকী দলংখনৰ লগতে কেঁচা পথছোৱাই ইতি‍পূর্বে ৰাইজক বাৰুকৈয়ে জলা-কলা খুৱাই আহিছিল ৷ এইবাৰ পথছোৱাৰ আৱন্ট্ন হৈছে যদিও নির্মাণৰ ত্ৰুটিৰ বাবে ভৱিষ্যতৰ দিনত পুণৰ ৰাইজ বিপদত পৰাৰ আশংকা ঘণীভূত হৈ পৰিছে ৷ ইতিপূর্বে এই সন্দর্ভত সবিস্তাৰে সংবাদ মাধ্যমত বাতৰি প্ৰকাশিত হৈছিল যদিও গড়কাপ্তানি বিভাগৰ বৰমুৰীয়া বিষয়াই কোনো গুৰুত্ব আৰোপ কৰা নাই ৷ গড়কাপ্তানি বিভাগৰ নাকৰ আগতে ঘটি থকা এনে অনিয়ম আৰু ত্ৰুটিপূর্ণ নির্মাণ কার্যক কি কাৰণত বিভাগীয় বিষয়াসকলে সহযোগিতা কৰি আহিছে সেয়া ৰহস্যৰ আৱর্তত ৷

যিসময়ত বিজেপি চৰকাৰে দুর্নীতি আৰু অনিয়মৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰি ৰাইজক আস্বস্ত কৰিবলৈ যত্নপৰ হৈছে, তেনে সময়ত অনিয়ম আৰু ত্ৰুটিপূর্ণ নির্মাণকার্যৰে একাংশই ৰাজহুৱা ধন শৰাধ কৰা কার্য অব্যাহত ৰাখিছে৷ চৰকাৰক এনে ঠিকাদাৰ আৰু তেওঁ লোকক ৰক্ষণা-বে‍ক্ষন দি অহা বিভাগীয় বিষয়া-অভিযন্তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ৷

লগতে অঞ্চলবাসী ৰাইজৰ বাবে অতি গুৰুত্বপূর্ণ বুলি বিবেচিত পথছোৱাৰ নির্মাণকালৰ ত্ৰুটিসমূহ দূৰ কৰি ৰাইজক ন্যায় দিবলৈও ৰাইজে চৰকাৰলৈ আহ্বান জনাইছে ৷

বোকাখাত গড়কাপ্তানি বিভাগৰ আশীষধন্য ঠিকাদাৰৰ কামৰ নমুনা : নির্মাণকালতে ফাট মেলিলে পকী দলঙৰ গার্ডৱালে !
নেতাৰ শিক্ষাগত অৰ্হতা কোনো গুৰুত্বপূৰ্ণ বিষয় নহয়, প্ৰকৃত সমস্যাত গুৰুত্ব আৰোপ কৰক : শৰদ পাৱাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in