বিশ্বনাথৰ কলাপানীত বিদ্যালয় স্থাপনকলৈ উত্তপ্ত পৰিস্থিতি...

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আহিল আৰক্ষী

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ কলাপানীত বিদ্যালয় স্থাপনকলৈ উত্তপ্ত পৰিস্থিতি...

বিশ্বনাথৰ কলাপানীত বিদ্যালয় স্থাপনকলৈ উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ বিহালীঃ বিশ্বনাথৰ কালাপানীত বিদ্যালয় স্থাপনক কেন্দ্ৰ কৰি উত্তপ্ত পৰিবেশ ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আহিবলগীয়া হ'ল আৰক্ষী ৷ কালাপানীৰ কপাহবাৰীত আদৰ্শ বিদ্যালয় স্থাপন কৰাক কেন্দ্ৰ কৰি অঞ্চলটোৰ দুটা পক্ষৰ মাজত আছিল মতভেদ ৷ যি স্থানত চৰকাৰীভাৱে বিদ্যালয়খন স্থাপন কৰাৰ বাবে যো-জা চলোৱা হৈছিল সেই স্থান ল'ৰা ছোৱালীৰ খেল পথাৰ হিচাবে ব্যৱহাৰ কৰাৰ বাবে কাষতে থকা আন এক স্থানত ৰাইজে বিদ্যালয়খন স্থাপন কৰাৰ দাবী তুলিছে৷

Advertisment

নতুনকৈ যি স্থানত ৰাইজে বিদ্যালয়খন স্থাপন কৰাৰ দাবী তুলিছে সেই স্থানৰ ভূমিত অবৈধভাবে পুতুল তপ্ন আৰু জুমুক লাল গঢ় নামৰ দুগৰাকী ব্যক্তিক মাটিৰ পট্টা দিয়াৰ অভিযোগ ৰাইজৰ ৷ ইয়াৰোপৰি ৰাইজৰ অভিযোগ চৰকাৰী বিষয়াক মেনেজ কৰি ভূমিৰ আবণ্টন লাভ কৰিছে এই দুই ব্যক্তিয়েয

চৰকাৰীভাৱে নিৰ্ধাৰন কৰা স্থানত ঠিকাদাৰে কাম কৰিবলৈ আহিছিল যদিও ৰাইজে বাধা প্ৰদান কৰাৰ বাবে বিশ্বনাথ ৰাজহ চক্ৰ বিষয়াগৰাকী উপস্থিত হোৱাত প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে নতুনকৈ দেখুৱাই দিয়া স্থানত বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ দাবী জনায় ৷ ইফালে অনিয়মভাৱে চৰকাৰী ভূমি আবন্টন লাভ কৰা বিষয়টো তদন্ত কৰিবলৈ জিলা উপায়ুক্তক স্থানীয় ৰাইজে দাবী জনাইছে৷

Also Read: শ্ৰীপাণি শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন সম্পন্ন

কালাপানী বিশ্বনাথ