শ্ৰীপাণি শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন সম্পন্ন

কৃতি ছাত্ৰ-ছাত্ৰীকো জনোৱা হয় সম্বৰ্ধনা

author-image
Asomiya Pratidin
New Update
শ্ৰীপাণি শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন সম্পন্ন

শ্ৰীপাণি শংকৰদেৱ শিশু নিকেতনত মাতৃ সন্মিলন সম্পন্ন

ডিজিটেল সংবাদ চিলাপথাৰঃ ধেমাজি জিলাৰ শ্ৰীপাণি অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান শংকৰদেৱ শিশু নিকেতন, শ্ৰীপানী ২০২৪ বৰ্ষৰ মাতৃ সন্মিলনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী পুষ্পা চেতিয়াই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটোৰ সভাপতিত্ব কৰে শ্ৰীপাণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুৰ্গাপ্ৰসাদ লালুঙে ।

Advertisment

নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি ধেমাজি বিষ্ণুপুৰৰ ঋতুমণি শইকীয়াই শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত মাতৃসকলৰ ভূমিকা আৰু মাতৃসকলে পালন কৰিবলগীয়া নীতি-নিময়ৰ সন্দৰ্ভত অৱগত কৰে। অনুষ্ঠানতে বিগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নিকেতনখনৰ পৰা সফলতাৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়।

প্ৰায় ১২০ গৰাকী মাতৃয়ে অংশগ্ৰহণ কৰা সন্মিলনখনত মাতৃসকলৰ গীত-মাত আৰু বিচিত্ৰানুষ্ঠানে উপভোগ্য কৰি তোলে অনুষ্ঠানটো । সন্মিলনত মাতৃসকলৰ উপৰিও স্থানীয় বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

Also Read: তিতাবাৰৰ তিনি অভিভাৱকহীন শিশুৰ কাষত থিয় দিলে মন্ত্ৰী পীযুষ হাজৰীকা

চিলাপথাৰ