প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনক কেন্দ্ৰ কৰি বাংগালডোবাত উত্তপ্ত পৰিস্থিতি

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনক কেন্দ্ৰ কৰি বাংগালডোবাত উত্তপ্ত পৰিস্থিতি

ডিজিটেল সংবাদ,কোকৰাঝাৰ : কোকৰাঝাৰ জিলাৰ অন্তৰ্গত তথা ধুবুৰী জিলাৰ সীমান্তৱৰ্তী বাংগলডোবা দ্বিতীয় খণ্ডত খনছেৰ আলী নামৰ এগৰাকী ব্যক্তিক হাত ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলতটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি

ঘটনাৰ সন্দৰ্ভত কোকৰাঝাৰ সদৰ থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে।অভিযোগ মতে,জিলাখনৰ দক্ষিণ নায়েকগাঁও ভি চি ডি চিৰ সদস্য তথা ইউ পি পি এল দলৰ সদস্য ছাহানুৰ ইছলামৰ পৰিয়ালে একেখন গাঁৱৰে খনছেৰ আলী নামৰ এগৰাকী ব্যক্তিক হাত-ভৰি বান্ধি মাৰপিট কৰাৰো গুৰুতৰ অভিযোগ উঠিছে ৷

ছাহানুৰৰ পৰিয়ালৰ সদস্য ক্ৰমে মজিদ আলী ( ভিডিপিৰ সম্পাদক), ছাত্তাৰ আলী, ছাকিদুল ইছলাম আৰু ছাহজামাল আলীয়ে খনছেৰ আলীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ উপৰিও তেওঁৰ দুই নাবালক পুত্ৰকো প্ৰহাৰ কৰে ৷ পিতৃক উদ্বাৰ কৰিবলৈ যাওঁতে খনছেৰ আলী জ্যেষ্ঠ পুত্ৰ ছানোৱাৰ হুছেইনকো প্ৰহাৰ কৰে ইউপিপিএলৰ সদস্যগৰাকীৰ পৰিয়ালটোৱে ৷

তদুপৰি খনছেৰ আলীক উদ্ধাৰ কৰিবলৈ যোৱা মছজিদৰ ইমামকো প্ৰহাৰ কৰে ছাহানুৰ ইছলামৰ পৰিয়ালে ৷ ছাহানুৰ ইছলামৰ পৰিয়ালে খনছেৰ আলীৰ ডিঙিত ৰছী বান্ধি দুই ফালৰ পৰা টানি হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগ কৰে খনছেৰ আলীৰ পুত্ৰ ছানোৱাৰ হুছুইনে ৷

প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ আৱন্টন দিয়াৰ নামত খনছেৰ আলীৰ পৰা ১২৫০০ টকা উৎকোচ লোবাৰো অভিযোগ কৰে ছানোবাৰ হুছেইনে ৷ উল্লেখ্য যে, সমগ্ৰ ঘটনাৰ সূত্ৰপাত প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ আৱন্টন দিয়া-নিদিয়াৰ পৰা আৰম্ভ হয় আৰু বুধবাৰে বিয়লী নামাজলৈ গৈ থকা সময়ত খনছেৰ আলীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হয় ৷

ঘটনাৰ খবৰ লাভ কৰাৰ পিছত আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত খনছেৰ আলীক উদ্ধাৰ কৰি কোকৰাঝাৰ আৰএনবি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই। স্বাস্থ্যৰ অবনতি ঘটাত পিছলৈ খনছেৰ আলীক কোকৰাঝাৰৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱাই।

ঘটনা সন্দৰ্ভত দক্ষিণ নায়েকগাঁৰ ইউপিপিএলৰ ভিচাডিচিৰ সদস্য ছাহানুৰ ইছলামসহ তেওঁৰ পৰিয়ালৰ ৫জন সদস্যৰ বিৰুদ্ধে বুধবাৰে সন্ধিয়া কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰে। সম্প্ৰতি কোকৰাঝাৰৰ উক্ত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত খনছেৰ আলী আই চি ইউত চিকিৎসাধীন হৈ আছে ৷

উল্লেখ্য যে, ভি চি ডি চি তথা ইউ পি পি এল সদস্য ছাহানুৰৰ পৰিয়ালে খনছেৰ আলীৰ পুত্ৰ ছানোৱাৰ হুছেইনৰ পৰা নগদ ৫হেজাৰ টকাও কাঢ়ি নিয়া বুলি অভিযোগ উত্থাপিত হৈছে ৷ ইপিনে এবিএমছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি নজৰুল ইছলামে উক্ত ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দোষীক অচিৰেই আটক কৰাৰ দাবী জনায় ৷

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনক কেন্দ্ৰ কৰি বাংগালডোবাত উত্তপ্ত পৰিস্থিতি
কাজলগাঁৱত বিপিএফৰ বিশেষ যোগদান অনুষ্ঠান : ইউপিপিএলক কটাক্ষ হাগ্ৰামা মহিলাৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in