/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/a0a0e444-7d7f-4e8e-9e2d-f3fbfff144c3/hagrama.jpg)
ডিজিটেল সংবাদ,চিৰাং: বিপিএফৰ শাসনকালত বিটিচি এলেকাত উন্নয়নমূলক কাম- কাজকলৈ কাৰ্য্যবাহী সদস্যসকল আৰু পাৰিষদসকলৰ মাজত হৈছিল এক প্ৰতিযোগিতা। ৰাইজৰ হকে কোনে বেছি কাম কৰিব পাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/37dc90b3-8130-4384-aa5f-d7521d01fdb0/180e1ab7_7abd_432d_8618_ab6f50548784.jpg)
অভিযোগ অনুসৰি এতিয়া ইউপিপিএল চৰকাৰৰ শাসনকালত বিটিচিত কাৰ্য্যবাহী সদস্য লগতে আৰু পাৰিষদসকলৰ মাজত কোনে কিমান পইছা খাব পাৰে তাৰ প্ৰতিযোগিতা হে চলি আছে। এতিয়া সেই আমাৰ সময়ৰ দৰে কাম কৰাৰ কোনো প্ৰতিযোগিতা চলা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9ed20626-8dcb-4f0c-8d12-8ae2101dd86e/a890cb87_c5d2_4be3_81d9_2e4f993723ec.jpg)
তাৰ মাজতে কাৰ্য্যবাহী সদস্যসকলে সন্দেহ কৰে যে প্ৰমোদ বড়োই বেচি খাই নেকি। আকৌ প্ৰমোদ বড়োই ভাবি থাকে কাৰ্য্যবাহী সদস্য বিলাকে বেছি পাই আছে নেকি ।মুঠৰ ওপৰত নিজৰ মাজতে বিৰাট সন্দেহ আছে আৰু নিজৰ মাজতে টকা খোৱাৰ প্ৰতিযোগিতা চলি আছে কিন্তু উন্নয়নমূলক কামকাজ কৰাৰ কোনো প্ৰতিযোগিতা চলা নাই বুলি বিটিচি প্ৰধান প্ৰমোদ বড়ো তথা ইউপিপিএল দলৰ চৰকাৰক তীব্ৰ ভাষাত কটাক্ষ কৰে বিটিচিৰ প্ৰাক্তন মুৰব্বী তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/822ac138-3beb-4a81-9426-ba700353289f/17ffcf5f_e2d9_4465_9b21_b6ea9c325043.jpg)
বুধবাৰে চিৰাং জিলাৰ কাজলগাঁৱত বড়োলেণ্ড পিপলছ ফ্ৰন্ট চমুকৈ বিপিএফ দলৰ বিশেষ যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে মহিলাৰীয়ে । তদুপৰি বিটিআৰ এলেকাত এটাৰ পিছত এটা নতুন নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম লাভ কৰা সন্দৰ্ভত হাগ্ৰামা মহিলাৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বিপিএফ দলৰ ১৫ বছৰীয়া শাসনকালত বিটিচি এলেকাত কোনো নতুন উগ্ৰপন্থীৰ জন্ম হোৱা নাছিল কিন্তু প্ৰমোদ বড়োৰ এই ৩ বছৰীয়া শাসনকালত আগতে দুটা নতুন উগ্ৰপন্থীৰ জন্ম হৈছিল তাৰে এটা যুদ্ধ বিৰতিত আছে আৰু এতিয়া আকৌ বড়োলেণ্ড লিবাৰেচন আৰ্মী নামৰ এটা নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম হোৱা বুলি উল্লেখ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4c8ff9a1-4d75-4035-9900-5eb83789fc65/e638b347_b383_4b61_bbbe_a82a8f92d3fa.jpg)
প্ৰমোদ বড়োৰ মতে যদি সঁচা অৰ্থত বিটিচি এলেকাত শান্তি পৰিৱেশ ঘুৰি আহিছে তেনেহ'লে প্ৰাক্তন এনডিএফবি সকল কিয় এতিয়াও জেলত বন্দী হৈ আছে বুলি প্ৰশ্ন কৰে। কিয় প্ৰাক্তন এনডিএফবি সকলৰ বিৰুদ্ধে থকা গোচৰ সমূহ খাৰিজ কৰা হোৱা নাই ? আজিও কিয় নতুন নতুন উগ্ৰপন্থী সংগঠনৰ জন্ম হৈছে বুলি প্ৰশ্ন উত্থাপন কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/74260e3e-a9cb-4717-9446-06d187365de7/39f77848_689a_4112_8770_44d0a5d1eb38.jpg)
দুৰ্নীতিৰ সন্দৰ্ভত প্ৰমোদ বড়োই শাসনত অহাৰ পিছৰ পৰাই হাগ্ৰামা মহিলাৰী দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে বুলি প্ৰচাৰ চলাই আছে যদি মোৰ শাসনকালত সচাঁই যদি দুৰ্নীতি অনিয়ম সংঘটিত হৈছিল তেনেহ'লে আজিলৈকে মোৰ বিৰুদ্ধে কিয় গোচৰ পঞ্জীয়ন কৰা নাই প্ৰশ্ন উত্থাপন কৰে। বৰঞ্চ এতিয়া প্ৰমোদ বড়োৰ ইউপিপিএল চৰকাৰৰ দিনতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ঠায়ে দুৰ্নীতিৰ খবৰ ওলাই আছে বুলি মন্তব্য কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/f3ff9c71-82b4-4b47-a99d-00ea2f82c1e0/b4948257_c78e_4376_b200_e12d412c8def.jpg)
আজি কাজলগাঁও বজাৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সহস্ৰাধিক দলীয় সমৰ্থকৰ উপস্থিতিত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, প্ৰাক্তন উপমুখ্য কাৰ্য্যবাহী সদস্য খাম্ফা বৰগয়াৰী, বিৰোধী দলপতি দেৰহাছাৎ বসুমতাৰী, বিপিএফ ৰ দুই বিধায়ক সহ অন্যান্য দলীয় নেতাসকলৰ সন্মুখত ইউপিপিএল,কংগ্ৰেছ,বিজেপি, জিএছপি আদি ৰাজনৈতিক দলৰ পৰা ৯০০ শতাধিক পুৰুষ মহিলা আৰু যুৱক যুৱতী আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/eeb25b92-18da-42f9-9a43-24e6417eb875/180e1ab7_7abd_432d_8618_ab6f50548784.jpg)
নতুনকৈ বিপিএফ দলত যোগদান কৰা লোকসকলক গামোচা আৰু দলীয় পতাকাৰে হাগ্ৰামা মহিলাৰী আৰু খাম্ফা বৰগয়াৰীয়ে আদৰণি জনায় । বিপিএফ দল বৰ্তমান শাসনত নাই তথাপিও ৰাইজে বিভিন্ন ৰাজনৈতিক দল ত্যাগ কৰি বিপিএফ দলত যোগদান কৰিছে এয়া বিপিএফ দলৰ বাৱে শুভ লক্ষণ বুলি মন্তব্য কৰে হাগ্ৰামা মহিলাৰীয়ে ।
Also Read: চাউলৰ অভাৱনীয় মূল্যবৃদ্ধি : এমুঠি অন্ন বিচাৰি আনৰ ওচৰত হাত পাতিবলৈ বাধ্য দৰিদ্ৰ পৰিয়াল