চিৰাং জিলাত পাঁচ মাহে পোৱা নাই ৰেচনৰ চাউল, প্ৰতিবাদ শতাধিক পৰিয়ালৰ...

নতুন ডিলাৰৰ পৰা নাম কৰ্তন কৰি পুৰণি ডিলাৰত নাম সন্নিবিষ্ট কৰাৰ দাবী
চিৰাং জিলাত পাঁচ মাহে পোৱা নাই ৰেচনৰ চাউল, প্ৰতিবাদ শতাধিক পৰিয়ালৰ...

ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ভাৰত-ভূটান সীমান্ত বেংতলৰ ছেৰফাংগুৰী গাঁৱত ৰেচন কাৰ্ড থকাৰ পিছতো বিগত পাঁচ মাহে চাউল পোৱা নাই ৰেচনৰ চাউল । কাৰণ ৰাইজৰ মতামতক উপেক্ষা কৰি ৰাজনৈতিক হস্তক্ষেপত ৰেচন ডিলাৰ পৰিৱৰ্তন কৰাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অচলাৱস্থাৰ বাবে প্ৰাপ্য চাউলৰ পৰা বঞ্চিত হৈ আছে অঞ্চলটোৰ শতাধিক পৰিয়াল ।

সেই নতুন ৰেচন ডিলাৰক বাতিল কৰি আৰু ৰেচন কাৰ্ডৰ প্ৰাপ্য চাউল বিচাৰি প্ৰতিকূল বতৰকো নেওচি ওলাই আহে শতাধিক পুৰুষ মহিলা আৰু নিজৰ মৌলিক অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । স্থানীয় ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ অভিযোগ অঞ্চলটোৰ শতাধিক হিতাধিকাৰীৰ সৈতে কোনো ধৰনৰ আলোচনা নকৰাকৈয়ে তেওঁলোকৰ অজ্ঞাতে পূৰ্বৰ ডিলাৰ আন্দ্ৰিয়াছ হাজোৱাৰীৰ পৰা নাম কৰ্ত্তন কৰি গাওঁখনৰ পৰা দুই কিলোমিটাৰ দুৰত্বৰ শাসকীয় দলৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি মোস্ৰাফুল হক নামৰ নতুনকৈ ডিলাৰৰ তাত সন্নিবিষ্ট কৰা বিষয়টো ছেৰফাংগুৰী গাঁৱৰ ৰাইজে সহজভাৱে মানি লৱ পৰা নাই ।

ৰাইজৰ প্ৰতিবাদৰ এটাই কাৰণ ঘৰৰ ওচৰৰ ৰেচন ডিলাৰ এৰি হিতাধিকাৰী সকলে কিয় দুই কিলোমিটাৰ আঁতৰত গৈ ৰেচন সংগ্ৰহ কৰিব । যাৰ প্ৰতিবাদত বিগত পাঁচ মাহ ধৰি ছেৰফাংগুৰী গাঁৱৰ ৰাইজে নতুন ডিলাৰৰ পৰা চাউল সংগ্ৰহ কৰা নাই । এই অসন্তুষ্টিৰ বিষয়টো লৈ অঞ্চলটোৰ ভুক্তভোগী ৰাইজে জিলা উপায়ুক্ত আৰু খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছিল কিন্তু এইক্ষেত্ৰত জিলা প্ৰশাসন তথা সংশ্লিষ্ট বিভাগে কোনো ব্যবস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে ।

একমাত্ৰ শাসকীয় দলৰ ৰাজনৈতিক ক্ষমতা ব্যবহাৰ কৰি মোস্ৰাফুল হকে ৰাইজৰ কোনো মতামত নোলোৱাকৈ নতুন ৰেচন ডিলাৰৰ অনুজ্ঞাপত্ৰ লাভ কৰি বেআইনী ভাৱে ৰেচন কাৰ্ডধাৰী হিতাধিকাৰী সকলৰ নাম নিজৰ ডিলাৰত সুমুৱাই লৈছে বুলি অভিযোগ উত্থাপন কৰে ।

নতুন ৰেচন ডিলাৰ জনৰ পৰা হিতাধিকাৰী সকলৰ নাম কৰ্ত্তন কৰি পুৰণি ৰেচন ডিলাৰ সন্নিবিষ্ট কৰিবলৈ অসম চৰকাৰক দাবী জনায় । সৰ্বসাধাৰণ ৰাইজৰ মৌলিক অধিকাৰ ভংগ কৰা সংশ্লিষ্ট বিভাগে কৰিছে সেয়া বাতিল নকৰিলে আগলৈ আইনৰ সহায় লবলৈ বাধ্য হব বুলি হুংকাৰ প্ৰদান কৰে ।

চিৰাং জিলাত পাঁচ মাহে পোৱা নাই ৰেচনৰ চাউল, প্ৰতিবাদ শতাধিক পৰিয়ালৰ...
"ৰাজ্য চৰকাৰৰ নামত থকা শতাধিক বিঘা মাটি আৰ এচ এচক হস্তান্তৰ কৰা হৈছে কৰ্ণাটকত"

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in