চামগুৰিত উত্তপ্ত পৰিস্থিতি : দুৰ্বৃত্তৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত এম্বুলেঞ্চ চালক

চামগুৰিত উত্তপ্ত পৰিস্থিতি : দুৰ্বৃত্তৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত এম্বুলেঞ্চ চালক

ডিজিটেল সংবাদ,চামগুৰি : চামগুৰিৰ বাজিয়াগাঁৱত উত্তপ্ত পৰিস্থিতি। দুৰ্ঘটনাস্থলীৰ পৰা আহত লোকক আনিবলৈ যোৱা ১০৮ এম্বুলেঞ্চৰ কৰ্মীক একাংশই প্ৰহাৰ কৰা বুলি জানিব পৰা গৈছে।

দুৰ্বৃত্তৰ প্ৰহাৰত এম্বুলেঞ্চ চালক প্ৰশান্ত বৰা আঘাতপ্ৰাপ্ত হয়। ইতিমধ্যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত চালকজনে চামগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে।

উল্লেখ কৰা প্ৰয়োজন যে, দুৰ্ঘটনাটোৰ খবৰ লাভ কৰিয়েই পুৰণিগুদাম ৰাজ্যিক চিকিৎসালয়ৰ পৰা ততাতৈয়াকৈ ঘটনাস্থলী পাইছিলগৈ ১০৮ এম্বুলেঞ্চখন। এম্বুলেঞ্চখন ঘটনাস্থলী পলমকৈ পোৱাৰ অভিযোগ ক্ষুদ্ধ হৈ পৰে একাংশ লোক। ফলত এই অনাকাঙ্খিত ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে।

অৱশ্যে উক্ত ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে উদ্ধাৰ কৰে AS-02AL-8522 আৰু AS-02BC-9520 নম্বৰৰ দুৰ্ঘটনাগ্ৰস্ত বাহন কেইখন। এখন টাটা মেক্সিম' আৰু এখন দ্ৰুতবেগী মটৰচাইকেলৰ মাজত হৈছিল মুখামুখী সংঘৰ্ষ। ফলত আহত হৈছিল মেক্সিম'খনৰ চালকসহ তিনিজনকৈ মটৰচাইকেল আৰোহী।

চামগুৰিত উত্তপ্ত পৰিস্থিতি : দুৰ্বৃত্তৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত এম্বুলেঞ্চ চালক
প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰৰ আশীষ ল'লে শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তই

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in