/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8edabe51-6777-4d15-8d13-fc3ada2d185b/26.jpg)
ডিজিটেল সংবাদ,বিশ্বনাথ : প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা নুৰজামাল সৰকাৰক শনিবাৰে নিজা বাসভৱনত সাক্ষাৎ কৰে শোণিতপুৰৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্ত আৰু বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। এই সৌহাৰ্দ্যমূলক সাক্ষাতকাৰটোত তিনিও ৰাজনীতিকে বিভিন্ন বিষয়ত মত বিনিময় কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/c6dcf3f6-75ac-4477-b740-8e09a2331ab1/604e9e20_2f3d_4e6e_937b_e0e533ec2a4a.jpg)
দীৰ্ঘদিন ধৰি বিশ্বনাথ সমষ্টিক প্ৰতিনিধিত্ব কৰা আৰু ৰাজ্য চৰকাৰৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা নুৰজামাল সৰকাৰ বৰ্তমান সক্ৰিয় ৰাজনীতিৰে জড়িত নহয়। অৱশ্যে বিশ্বনাথ সমষ্টিত সৰকাৰৰ এতিয়াও সংখ্যালঘু ভোটাৰৰ মাজত ব্যাপক প্ৰভাৱ আছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/8552d0db-2927-4a07-bf20-4f550c97ec5a/c1693b16_d78d_4eb4_8489_cbe9633c0121.jpg)
এনে প্ৰেক্ষাপটত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰক সাক্ষাৎ কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে। ইফালে দেওবাৰে নুৰজামাল সৰকাৰৰ গৃহ পঞ্চায়ত ছোৱাগুৰিত বৃহৎ সংখ্যক সংখ্যালঘু লোকে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/28af0279-f775-4347-ae99-887c93043754/b3675803_a426_4c79_a719_cac3c65023df.jpg)
ইফালে ৰাজনীতিৰ ক্ষেত্ৰত কোনো কাৰো বাবে অস্পৃশ্য নহয় সেই কথা পুনৰ প্ৰমাণ কৰিলে আজিৰ এই সাক্ষাতে।
Also Read: কামপুৰত অসুস্থ অৱস্থাত বৰটোকোলা উদ্ধাৰ