জামুগুৰিহাটত মহিলা সমাজৰ উদ্যোগত তীজ সমাৰোহ উদযাপন

জামুগুৰিহাটত মহিলা সমাজৰ উদ্যোগত তীজ সমাৰোহ উদযাপন

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ উত্তৰ বালিজুৰি মহিলা সমাজৰ উদ্যোগত শুকুৰবাৰে দিনজোৰাকৈ 'তীজ' সমাৰোহ উদযাপন কৰা হয় ৷ 'তীজ' উৎসৱ মূলতঃ নেপালী সম্প্ৰদায়ৰ জীয়াৰীসকলক নিজ ঘৰলৈ আনি পৰিয়ালৰ সদস্যসকলে আতিথ্য আগবঢ়ায় ৷

ইয়াৰ পিছত স্বামীৰ মংগলাৰ্থে এদিন উপবাসে থাকি পত্নীয়ে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়। উৎসৱৰ সময়ছোৱাতে আনন্দ উল্লাসৰ মাজেৰে উপবাস ভংগ কৰি এই উৎসৱৰ সামৰণি মাৰে ৷ সেয়ে তীজ উপলক্ষে উত্তৰ বালিজুৰি মহিলা ভৱনত অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী কৃতি শিক্ষক বলবীৰ গুৰুঙে এই সমাৰোহৰ শুভ উদ্বোধন কৰে ৷

বিয়লি মহিলাসকলে সমবেত সংগীতৰ লগতে গোৰ্খা সমাজৰ পৰম্পৰাগত সংগীনী নৃত্য, খুকুৰী নৃত্য আদি পৰিৱেশনকৰি সকলোৰে মন জয় কৰে। ইয়াৰ পিছতে অঞ্চলটোৰ বৰ্ষীয়ান মহিলা সমাজকৰ্মীসকলক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

এই উপলক্ষে আয়োজিত সভাত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী, লেখক সাহিত্যিক তথা চতিয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি লক্ষীকান্ত বৰাই তত্বগধুৰ মন্তব্য প্ৰদান কৰে ৷ বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে জিলা পৰিষদ সদস্য কিশোৰ দাহাল ,শিক্ষক শিক্ষয়িত্ৰী ক্ৰমে ৰাতুল বসুমতাৰী , বিনয় গৌতম আৰু চিংকু বৰাই ৷

জামুগুৰিহাটত মহিলা সমাজৰ উদ্যোগত তীজ সমাৰোহ উদযাপন
চিলাপথাৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নৱাগত আদৰণি সভা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in