চিলাপথাৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নৱাগত আদৰণি সভা

চিলাপথাৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নৱাগত আদৰণি সভা

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নৱাগত আদৰণি সভা

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত ২৬ সংখ্যক নৱাগত আদৰণি সভা। বিগত বৰ্ষৰ দৰে এইবাৰো শুকুৰবাৰে ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত উদযাপন কৰা হ'ল ২৬ সংখ্যক নৱাগত আদৰণি সভা।

Advertisment

পতাকা উত্তোলন,শ্বহীদ তৰ্পণ, উন্মোচনৰে শুভাৰম্ভ হোৱা কাৰ্য্যসূচীত উন্মোচন কৰা হ'ল প্ৰাচীৰ পত্ৰিকা 'অনুভূতি '। ন- পুৰণি বিদ্যাৰ্থীৰ পৰিচয় পৰ্বৰ পিছতে অনুষ্ঠানৰ তৰফৰ পৰা বহু কৃতি ছাত্ৰ ছাত্ৰীক জনোৱা হ'ল উস্ম সম্বৰ্ধনা। ওৰেটো দিনা ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা গীত-নৃত্যৰে জিপাল হৈ থাকিল চিলাপথাৰ ডিমৌ চিনিয়ৰ চেকেণ্ডেৰী স্কুল।

Also Read: এন এছ চি এন (কে)ৰ ২৬ জন কেডাৰৰ ৰিফৰ্মেচন গোটত যোগদান

school college