/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/5dd62ce7-1243-4956-8b08-e053561f588c/lumding_arrest.jpg)
ডিজিটেল সংবাদ, লামডিং : লামডিঙত এগৰাকী কিশোৰীক যৌন অতিশয্যা চলোৱাৰ চেষ্টা কৰি ৰঙা ঘৰৰ আলহী হ'ল এজন যুৱক ৷ লামডিঙৰ ইটাভাট্টা চাৰি আলিত ৰাইজে আটক কৰি গতালে আৰক্ষীক ৷ কিছুমাহ পূৰ্বে লামডিঙৰ কৃষ্ণবস্তিত এগৰাকী কিশোৰীৰ ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনা মাৰ নাযাওঁতেই পুনৰ লামডিঙত তেনে এক ঘটনাই এতিয়া পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
ঘটনা অনুসৰি ১৪ তাৰিখে সন্ধিয়াৰ ভাগত ঘৰৰ পৰা টিউচনলৈ বুলি ওলাই অহা এগৰাকী কিশোৰীক ওচৰৰে যুৱক উত্তম দাসে কিশোৰীগৰাকীক চাৰিচকীয়া বাহনত বহুৱাই লৈ যায় ৷ কিন্তু নিকৃষ্ট মানসিকতা থকা উত্তমে কিশোৰী গৰাকীৰ নিজৰ গন্তব্যস্থানলৈ নিনি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ লৈ যায় আৰু গাড়ীৰ ভিতৰতে কিশোৰী গৰাকীক যৌন অতিশয্যা চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে আৰু এই ঘটনাই লামডিঙত পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
কিশোৰী গৰাকীয়ে চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজে ইটাভট্টা চাৰি আলিত উত্তমক আটক কৰি উত্তম মাধ্যম সোধাই লামডিং আৰক্ষীক গটায় দিয়ে ৷ বৰ্তমান লামডিং আৰক্ষীয়ে সমগ্ৰ ঘটনাটো ১৮৩/২২ নম্বৰত তথা u/s 342/ 354(A) IPC R/W sec 8/12 POCSO act.ৰ অধীনত এটি গোচৰ পৰিয়ালৰ লোকে ৰুজু কৰাত তদন্ত আৰম্ভ কৰিছে ৷
আৰু পঢ়ক : মৰিগাঁৱত শিশু দিৱস আৰু নেহেৰু যুৱক কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন...