মৰিগাঁৱত শিশু দিৱস আৰু নেহেৰু যুৱক কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

মৰিগাঁৱত শিশু দিৱস আৰু নেহেৰু যুৱক কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন...

ডিজিটেল সংবাদ, বেবেজীয়া : ১৪ নৱেম্বৰ, সোমবাৰে সমগ্ৰ দেশে শিশু দিৱস উদযাপন কৰাৰ সমান্তৰালভাৱে সৰ্বোদয় পাব্লিক বিদ্যালয়ৰ প্ৰাংগনত সৰ্বোদয় ফাউণ্ডেছন আৰু নেহেৰু যুৱ কেন্দ্ৰই যুটীয়াভাৱে শিশু দিৱসৰ লগতে নেহেৰু যুৱ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱসটি আয়োজন কৰে। নেহেৰু যুৱক কেন্দ্ৰৰ বিষয়ববীয়া সকলৰ লগতে সৰ্বোদয় ফাউণ্ডেছন বিষয়ববীয়া সকল আৰু সৰ্বোদয় পাব্লিক স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰীসকলে দিনযোৰা কাৰ্য্যক্ৰমণিকাৰে শিশু দিৱস আৰু প্ৰতিষ্ঠা দিৱস উদযাপন কৰে।

পুৱা ৯ বজাত পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে নেহৰু যুৱক কেন্দ্ৰৰ গাণনিক বিষয়া ধনঞ্জয় তালুকদাৰে আৰু লগতে নেহেৰু যুৱক কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস আৰু শিশু দিৱসৰ উপৰত বক্তব্য প্ৰদান কৰে। তাৰ পিছত ছাত্ৰ - ছাত্ৰী সকলৰ মাজত বাৰে বৰণীয়া সাংস্কৃতিক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। এই প্ৰতিযোগিতাত দৰ্শিতা মহন্ত, কুমকুম পৰাশৰ ডেকা আৰু প্ৰীয়ম প্ৰতীম নাথে বিভিন্ন পাৰদৰ্শিতাৰে বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ মাজতে বিদ্যালয় খনৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ সহযোগত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কলম আৰু কাঠ পেঞ্চিল শিশু দিৱসৰ উপহাৰ হিচাবে আগবঢ়োৱা হয়। ইয়াৰ ওপৰিও শিশু দিৱসৰ লগত সংগতি ৰাখি এখন প্ৰীতি ভলীবল খেল অনুষ্ঠিত কৰা হয় শিক্ষক-শিক্ষয়ত্রী আৰু ছাত্ৰ - ছাত্ৰী সকলৰ মাজত। উক্ত খেলখনত শিক্ষক শিক্ষয়ত্রীৰ দলটিয়ে জয়লাভ কৰে। সদৌ শেষত জাতীয় সংগীতেৰে অনুষ্ঠানটি সামৰণি পৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in