মানকাচৰত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়াৰ দলৰ কৃষিপথাৰ পৰ্যবেক্ষণ

কৃষি বিভাগৰ আঁচনি লাভ কৰা কৃষকৰ সৈতে মত-বিনিময়
মানকাচৰত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়াৰ দলৰ কৃষিপথাৰ পৰ্যবেক্ষণ

ডিজিটেল সংবাদ,দক্ষিণ শালমাৰাঃ কৃষি বিভাগৰ পৰা কৃষকসকলে লাভ কৰা আঁচনিসমূহ পৰ্যবেক্ষণৰ বাবে মানকাচৰত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়াৰ দল এটা উপস্থিত হৈ পথাৰে পথাৰে কৃষকৰ সৈতে মত বিনিময় কৰে। উল্লেখযোগ্য যে, কৃষিপ্ৰধান দক্ষিণ শালমাৰা-মানকাচৰ জিলাত হাটশিঙিমাৰী জিলা কৃষি বিভাগে কৃষকসকলক সময়ে সময়ে বিভিন্ন আঁচনিৰ অধীনত কৃষি সামগ্ৰী, বীজ, ঔষদ আদি বিতৰণ কৰি আহিছে।

কৃষকসকলে লাভ কৰা আঁচনিৰ কৃষি সামগ্ৰীসমূহ সঠিকভাৱে ব্যৱহাৰ হৈছে নে নাই আৰু কৃষকসকলে আঁচনিৰ জৰিয়তে উপকৃত হৈছে নে নাই তাক লৈ অলপতে ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়াসকলে পৰ্যবেক্ষণ কৰে। এই পৰ্যবেক্ষণৰ দলত অসম ৰাজ্যিক ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সহকাৰী উন্নয়ন বিষয়া দিগন্ত বৰুৱা, কণিষ্ঠ উন্নয়ন বিষয়া নৱজিৎ পাঠগিৰিৰ লগতে জিলা কৃষি বিভাগৰ কেবাগৰাকী বিষয়া উপস্থিত থাকে।

পৰ্যবেক্ষণৰ সজাতি দলটো বিশেষকৈ মানকাচৰৰ সোণাপুৰৰ আমিনুল ইছলাম নামৰ কৃষকজনৰ পথাৰত গৈ মৰাপাট, বেঙেনা, ভেণ্ডি খেতি পৰ্যবেক্ষণ কৰে। আমিনুল ইছলামে নিজৰ ৮ বিঘা ভূমিত মৰাপাট, বেঙেনা, ভেণ্ডি, ভোলৰ লগতে বিভিন্ন খেতি কৰিছে।

আন আন বছৰ তেওঁ কৃষি কাৰ্য কৰি ভালেখিনি লাভাম্বিত হয় যদিও এইবাৰ উৎকট গৰমৰ লগতে বছৰটোত বৰষুণ নোহোৱাৰ ফলত কৃষি পথাৰ নষ্ট হ’বলৈ ধৰিছে। বৰষুণ নথকাৰ বাবে মাটি শুকাই যোৱাত কৃষক জনৰ বেঙেনা খেতিত পোকে আক্ৰমণ কৰাত কৃষকজনৰ বেঙেনা খেতি নষ্ট হ’বলৈ ধৰিছে।

উল্লেখ্য যে জিলা কৃষি বিভাগৰ পৰা তেওঁক মৰাপাটৰ বাবে বীজ প্ৰদান কৰিছিল। বৰষুণৰ অভাৱত মৰাপাটৰ খেতিও এইবাৰ ভাল হোৱা নাই বুলি ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ পৰা অহা বিষয়াক কৃষকজনে অৱগত কৰে।

লক্ষণীয় যে, জিলা কৃষি বিভাগৰ বিষয়াসকলৰ লগতে ৰূপান্তৰ আৰু উন্নয়ন বিষয়াৰ দলটো কৃষক আমিনুল ইছলামক পোক নিৰাময়ৰ বাবে ঔষদ দিবলৈ পৰামৰ্শ প্ৰদান কৰে। এইবেলি কৃষক জনে আশাকৰা ধৰনে লাভাম্বিত হ’ব নোৱাৰিব। বিশেষকৈ বেঙেনা খেতিত পোকে আক্ৰমণ কৰাত বেঙেনা খেতিৰ দ্বাৰা তেওঁ লোকচানৰ সম্মুখীন হ’ব বুলি অসমীয়া প্ৰতিদিনৰ সৈতে হোৱা আছুতীয়া সাক্ষাতকাৰত মত প্ৰকাশ কৰিছে।

মন কৰিবলগীয়া যে, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ পৰা দুজনীয়া দলটো হাটশিঙিমাৰী জিলা কৃষি বিভাগৰ কাৰ্যালয়ত কৃষি বিষয়া ৰস্তম আলীৰ লগতে কৃষি বিভাগৰ কৰ্মচাৰীৰ সৈতে আলোচনাত মিলিত হয়। চৰকাৰী আঁচনি কিদৰে সফল ৰূপায়ন কৰিব পাৰি তাক লৈ ৰূপান্তৰ আৰু উন্নয়ন বিষয়াৰ দলটো কৃষি বিভাগৰ বিষয়াৰ সৈতে আলোচনা কৰে।

কৃষকৰ পথাৰত পৰ্যবেক্ষণৰ সময়ত জিলা জেষ্ঠ্য কৃষি বিষয়া অশোক কুমাৰ শীল, কৃষি উন্নয়ন বিষয়া মিঠু গগৈ, মেডিয়া বিশেষজ্ঞ হীৰক জ্যোতি শৰ্মাৰ লগতে কেবাগৰাকী কৰ্মচাৰী ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ দলটোক সংগ দিয়ে।

মানকাচৰত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বিষয়াৰ দলৰ কৃষিপথাৰ পৰ্যবেক্ষণ
নগাঁৱত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত কলমৰ দিন উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in