নগাঁৱত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত কলমৰ দিন উদযাপন

নগাঁৱত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত  কলমৰ দিন উদযাপন

ডিজিটেল সংবাদ,নগাঁও : নিৰ্ভীক সাংবাদিক ছহিদ পৰাগ কুমাৰ দাসৰ সোঁৱৰণত শুকুৰবাৰে নগাঁও নাগৰিক সভাৰ উদ্যোগত কলমৰ দিন হিচাপে উদযাপন কৰা হয়। নগাঁও চহৰৰ মতিৰাম বৰা উদ্যানৰ কাষত অনুষ্ঠিত এই অনুষ্ঠানত নগাঁৱৰ সাংবাদিকসকলৰ লগতে কেবাগৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয়।

এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে নগাঁও নাগৰিক সভাৰ সভাপতি গুণীন্দ্ৰ গায়নে। সভাত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই পৰাগ কুমাৰ দাসৰ লগত থকা সান্নিধ্যৰ কথা উল্লেখ কৰে।

তেঁও কয়- আমি একেলগে ৰাষ্ট্ৰসন্ত্ৰাসৰ বিৰুদ্ধে যুজঁ দিছিলোঁ। আমি ন্যায়প্ৰাপ্তিৰ বাবে যুজঁ দিছিলোঁ বুলি উল্লেখ কৰি ভূঞাই কয় যে এতিয়া দেশত সংবাদ মাধ্যমক নাকী লগোৱা আৰম্ভ হৈছে। সেয়ে সমাজত এতিয়া সাহসী সাংবাদিকতাৰ প্ৰয়োজন হৈছে।

গাঁৱে-ভূঁঞে পৰাগ কুমাৰ দাসৰ দৰে সাংবাদিকতাৰ পৰিবেশ আনিব লাগে। ভয় আৰু প্ৰলোভনেৰে চৰকাৰে আমাক দুৰ্বল কৰিব বিচাৰিছে বুলি মন্তব্য কৰি ভূঞাই কয় যে দেশত এতিয়া একনায়কত্ববাদী শাসন চলিছে।এতিয়া সমাজৰ চৰিত্ৰ সলনি হৈছে।

মানুহে এই কথাবোৰ উপলব্ধি কৰিছে। এতিয়া ৰাষ্ট্ৰযন্ত্ৰৰ স্বৈৰচাৰিতাৰ বিৰুদ্ধে ৰাইজ ওলাই আহিব লাগিব। নহ'লে সকলোৰে বিপদ অনিবাৰ্য। এতিয়া দেশত উশাহ ল'ব নোৱাৰা পৰিস্থিতি বুলি উল্লেখ কৰি তেওঁ কয় ৰাইজ সতৰ্ক হোৱা উচিত। তেওঁ লগতে কয় যে দেশত এতিয়া ধৰ্মৰ নামত ঘৃণা বিয়পোৱা হৈছে।

সভাত নাগৰিক সভাৰ কাৰ্যকৰী সভাপতি অমৰেন্দ্ৰ শৰ্মা ,বাওঁপন্থী নেতা সুব্ৰত তালুকদাৰ , পুনিৰাম শইকীয়া , পল্লৱ জ্যোতি নাথ, সাংবাদিক বীৰেণ বৰা আদিয়ে ভাষণ প্ৰদান কৰি পৰাগ কুমাৰ দাসৰ জীৱনৰ বিভিন্ন।দিশ উল্লেখ কৰে। সভাৰ উপসভাপতি দুলাল বৰা আৰু সম্পাদক বিৰিঞ্চি বৰাই আঁত ধৰা অনুষ্ঠানত গল্পকাৰ শিৱানন্দ কাকতিৰ লগতে অশোকৰাম ভট্টাচাৰ্য ,সঞ্জীৱ সাগৰ চৌধুৰী , জয়ন্তী বৰা দেৱজানী শৰ্মা পাঠক আদিয়ে অংশগ্ৰহণ গ্ৰহণ কৰে‌। শলাগৰ শৰাই আগবঢ়াই মহিলা নেত্ৰী মৌচুমী শৰ্মাই।

নগাঁৱত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত  কলমৰ দিন উদযাপন
ধুমুহা-বৰষুণঃ গীতানগৰত গাড়ীৰ ওপৰতে বাগৰিল গছ, তীব্ৰ যান-জঁট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in