সাংসদ অজিত ভূঞাৰ সাংসদ পূজিৰ কেলেংকাৰী

বৰপেটাত উপস্থিত মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দল

author-image
Asomiya Pratidin
New Update
অজিত ভূঞাৰ সাংসদ পুঁজি কেলংকাৰীত জড়িত ৪  এচিএছ বিষয়াক নিলম্বন..

ডিজিটেল ডেস্কঃ সাংসদ অজিত ভূঞাৰ সাংসদ পূজিৰ কেলেংকাৰী। বৰপেটা চহৰত পথ নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল ৰাজ্য সভাৰ সাংসদ অজিত ভূঞাৰ সাংসদ পূজিৰ ধন। চহৰখনৰ শ্ৰীকমাৰ পথৰ পৰা হৰেণ দাসৰ ঘৰ সংযোগী পথৰ বাবে ৮ লাখ টকা, ২ নং গলিয়াহাটীৰ চন্দ্ৰকান্ত শৰ্মাৰ ঘৰৰ পৰা বিৰেণ দাসৰ ঘৰলৈ পথটোৰ বাবদ ১০ লাখ টকা আৰু শান্তিনগৰ অঞ্চলৰ অশ্বীনি দাসৰ ঘৰৰ পৰা গোকুল পাঠক পথ সংযোগী উপ-পথৰ বাবে আৱণ্টিত হৈছিল ১০ লাখ টকা।

Advertisment

চহৰখনৰ ৩ টাকৈ পথ নিৰ্মাণৰ বিপৰীতে আৱণ্টিত হৈছিল মুঠ ২৮ লাখ টকা। কিন্তু বুধবাৰে মুখ্যমন্ত্ৰী দূৰ্নীতি নিবাৰক আৰু তদৰাকী শাখৰ দলটোৱে কৰা চৰজমিন তদন্তৰ কালত এটাও পথত দেখা পোৱা নগ'ল আঁচনিৰ তথ্য সম্বলিত কোনো ফলক। লগতে পথকেইটা নিৰ্মাণ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত একোখনকৈ স্থানীয় লোকৰ দ্বাৰা গঠিত কমিটি থকাটো বাধ্যতামূলক যদিও তিনিওটা পথৰ কমিটিৰ বিষয়ে একো অৱগত নহয় স্থানীয় লোক।

মুখ্যমন্ত্ৰীৰ দূৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ দুজনীয়া দলটোৱে কৰা চৰজমিন তদন্ত কালত স্থানীয় লোকক সোধা-পোচা কৰাত পোহৰলৈ আহিছে এই সমগ্ৰ তথ্য। তদন্তকাৰী দলটোৱে আজি বৰপেটাত উপস্থিত হৈ প্ৰথমে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যায় আৰু জিলা উন্নয়ণ শাখাৰ পৰা যাৱতীয় নথি-পত্ৰসমূহ সংগ্ৰহ কৰে আৰু তাৰ পিছত পথকেইটাৰ চৰজমিন তদন্ত আৰম্ভ কৰে। প্ৰাথমিক অনুসন্ধান কালত দলটোৱে সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য কৰাৰ বিৰত থাকে।

আৰু পঢ়কঃ উৎসৱমুখী নহয় কৰ্মমুখীতাৰে শতবৰ্ষৰ পিনে ধাৱমান হবলৈ আহ্বান

cm vigilance mp ajit bhuyan cmo assam