উৎসৱমুখী নহয় কৰ্মমুখীতাৰে শতবৰ্ষৰ পিনে ধাৱমান হবলৈ আহ্বান

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত
উৎসৱমুখী নহয় কৰ্মমুখীতাৰে শতবৰ্ষৰ পিনে ধাৱমান হবলৈ আহ্বান

ডিজিটেল সংবাদ,কলিয়াবৰঃ "উৎসৱমুখী নহয় কৰ্মমুখীতাৰে আমি শতবৰ্ষ উদযাপনৰ পিনে ধাবমান হোৱা উচিত ৷ শিক্ষানুষ্ঠানখনৰ আন্তঃগাঠনি ৰূপায়ন তথা জাকজমকতাৰে সকলোৰে দৃষ্টি আবদ্ধ হোৱাকৈ সজাই পৰাই দিয়া দায়িত্ব আমি গ্ৰহন কৰিম ৷ ইয়াৰ বিপৰীতে বিদ্যায়তনিক সুস্থ আৰু সৱল পৰিবেশ গঢ় দি আনৰ বাৱে শিক্ষানুষ্ঠানখন অনুকৰণীয় আদৰ্শ হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত সকলো গুৰুদায়িত্ব শিক্ষাগুৰু আৰু কৰ্মচাৰী সকলে গ্ৰহন কৰিব লাগিব ।" জে এছ লৰ্ণি চাহাবৰ সবল পৃষ্ঠপোষকতাত ১৯৩৩ চনত শিলঘাটতত স্থাপিত হোৱা কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বুধবাৰে আয়োজিত এক সৌজন্যতামূলক বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহন কৰি তাৎপৰ্যপূৰ্ণ ভাৱে এই মন্তব্য প্ৰদান কৰে স্বাস্থ্য মন্ত্ৰী তথা স্থানীয় বিধায়ক কেশৱ মহন্তই ।

বিভিন্ন ক্ষেত্ৰত অবহেলিত আৰু উপেক্ষিত হৈ ৰোৱা বৃটিছ যুগৰ স্বাক্ষৰ বহনকাৰী শিক্ষানুষ্ঠানখনে বিভিন্ন সময়ত উন্নয়ন মূলক কাম সমূহ আদায় কৰিব নোৱাৰৰ চূড়ান্ত ব্যৰ্থতা উদঙাই মন্ত্ৰী কেশৱ মহন্তই কয়, "বিদ্যালয়খনৰ পূৰ্বৰ কৰ্তৃপক্ষসকলে এক ব্যৱধানত অৱস্থান গ্ৰহন কৰাৰ বাবেই ইচ্ছানুসাৰে বিদ্যালয়খনৰ সামগ্ৰিক উন্নয়নত হাত উজান দিয়াত জটিলতা আহি পৰিছিল ৷ কিন্তু বৰ্তমানৰ বিদ্যালয়ৰ অধ্যক্ষা নবনীতা দলবৰুৱা আৰু পৰিচালনা সমিতিৰ সভানেত্ৰী ভাৰতী গগৈ সহ কৰ্মকৰ্তা সকলে দেখুওৱা তৎপৰতাই শিক্ষানুষ্ঠানখনক যে এক নতুন গতি প্ৰদান কৰিব সেয়া নিশ্চিত আৰু এই ক্ষেত্ৰত বিধায়ক হিচাপে মই এশ শতাংশই সহযোগীতা আগবঢ়াম ৷"

বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী ভাৰতী গগৈৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত শিক্ষানুষ্ঠানখনৰ তৰফৰ পৰা আগবঢ়োৱা বিভিন্ন সমস্যা অবলোকন আগবঢ়োৱা স্মাৰক পত্ৰখন গ্ৰহন কৰি মন্ত্ৰী গৰাকীয়ে শিক্ষানুষ্ঠানখনৰ ইতিহাস আলোকপাত কৰি কয়—বৃটিছ যুগৰ স্বাক্ষৰ বহনকাৰী কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এক সোনালী ইতিহাস আছে ৷

এইখন বিদ্যালয়ৰ ছাত্ৰ আছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মহিম বৰা,সংবাদ জগতৰ পিতামহ তিলক হাজৰিকা,ৰহস্য সাহিত্যিক ৰঞ্জু হাজৰিকাৰ লগতে বৰ্তমানৰ মূখ্য সচিব পৱন কুমাৰ বৰঠাকুৰৰ দৰে অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা বিভিন্ন জন ব্যক্তিয়ে ৷ সেয়েহে এনে এখন গৰিমাময় শিক্ষানুষ্ঠান জাকত জিলিকা কৰি তোলাৰ ক্ষেত্ৰত বিধায়ক হিচাপে চেষ্টাৰ কিঞ্চিতো ক্ৰূটি কৰা নহব ৷লগতে মন্ত্ৰী গৰাকীয়ে কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুৰণি গৃহ মেৰামতি-সংৰক্ষণৰ লগতে নতুন গৃহ নিৰ্মানৰে আন্তঃগাঠনি উন্নয়ন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

অধ্যক্ষা নবনীতা দলবৰুৱাই আঁত ধৰা সভাখনত প্ৰাক্তন ছাত্ৰ তথা অৱসৰ অধ্যক্ষ সলিল মিত্ৰ,সমাজকৰ্মী পুস্কৰজ্যেতি মহন্ত,শিক্ষক ভোগেশ্বৰ শইকীয়া,ৰূপেশ্বৰ শইকীয়া আদিয়ে শিক্ষানুষ্ঠানখনৰ বিভিন্ন দিশ আলোকপাত কৰে ৷ সভাৰ শেষত চৰকাৰী বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে শিক্ষানুষ্ঠাখনৰ চৌপাশ পৰিভ্ৰমন কৰি মন্ত্ৰী গৰাকীয়ে বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে আলোচনাত মিলিত হৈ পৰবৰ্তী সময়ত কৰিবলগীয়া উন্নয়ন মূলক কাম কাজৰ পৰ্যালোচনা কৰে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in