আন্ধেৰীঘাটত শিক্ষক, শিক্ষাৰ্থীক 'প্ৰতিশ্ৰুতি'ৰ সম্বৰ্ধনা...

আন্ধেৰীঘাটত শিক্ষক, শিক্ষাৰ্থীক 'প্ৰতিশ্ৰুতি'ৰ সম্বৰ্ধনা...

author-image
Asomiya Pratidin
New Update
আন্ধেৰীঘাটত শিক্ষক, শিক্ষাৰ্থীক 'প্ৰতিশ্ৰুতি'ৰ সম্বৰ্ধনা...

আন্ধেৰীঘাটত শিক্ষক, শিক্ষাৰ্থীক 'প্ৰতিশ্ৰুতি'ৰ সম্বৰ্ধনা...

ডিজিটেল সংবাদ আন্ধেৰীঘাটঃ বৃহত্তৰ আন্ধেৰীঘাট অঞ্চলৰ সামাজিক, শৈক্ষিক আৰু অৰ্থনৈতিক বিকাশৰ লক্ষৰে সংগঠিত বেচৰকাৰী অনুষ্ঠান "প্ৰতিশ্ৰুতি"য়ে জন্মলগ্নৰে পৰা ৰাইজৰ সহায় সহযোগিতাৰে বিভিন্ন সামাজিক কাম কৰি আহিছে৷ প্ৰতিশ্ৰুতিয়ে সামাজিক কামৰ গতিধাৰা অব্যাহত ৰাখি পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ পৰা এলানি সম্বৰ্ধণা কাৰ্যসূচীৰ লগতে ৰাজহুৱা অনুষ্ঠান, প্ৰতিষ্ঠান উন্নত কৰাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিছে৷

Advertisment

কাৰ্যসূচীৰ অংশ হিচাপে বৃহত্তৰ আন্ধৰীঘাট অঞ্চলৰ পৰা হাইস্কুল শিক্ষান্ত পৰিক্ষা আৰু উচ্চতৰ মাধ্যামিক শিক্ষান্ত পৰিক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক  সম্বৰ্ধণা জনোৱাৰ লগতে প্ৰাগ নিউজৰ জনপ্ৰীয় অনুষ্ঠান 'আমাৰ ভূপেন দা-চিজন ৭'ৰ বিজেতা নিবিড় নাথক সম্বৰ্ধনা প্ৰদান কৰা হয়৷ ইয়াৰ লগতে ৰাজ্যিক পৰ্যায়ত কৃতি শিক্ষকৰ সন্মান লাভ কৰা শ্ৰদ্ধাৰ শিক্ষাগুৰু অতুল চন্দ্ৰ চহৰীয়া আৰু ধৰ্ম দত্ত দেৱক সম্ভাষণ জনোৱা হয়৷

প্ৰতিশ্ৰুতিৰ প্ৰতিশ্ৰুতি অনুসৰি আন্ধেৰীঘাট প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাইজৰ সুবিধাৰ্থে এটি পানী ফিল্টাৰ যোগান ধৰা হয়৷

Also Read: কামপুৰৰ বিশিষ্ট যুৱ ব্যৱসায়ী, অভিনেতা দেৱজিৎ গোঁহাইৰ শেষ নিশ্বাস ত্যাগ

আন্ধেৰীঘাট