কামপুৰৰ বিশিষ্ট যুৱ ব্যৱসায়ী, অভিনেতা দেৱজিৎ গোঁহাইৰ শেষ নিশ্বাস ত্যাগ

কামপুৰৰ বিশিষ্ট যুৱ ব্যৱসায়ী, অভিনেতা দেৱজিৎ গোঁহাইৰ শেষ নিশ্বাস ত্যাগ

author-image
Asomiya Pratidin
New Update
কামপুৰৰ বিশিষ্ট যুৱ ব্যৱসায়ী, অভিনেতা দেৱজিৎ গোঁহাইৰ শেষ নিশ্বাস ত্যাগ

কামপুৰৰ বিশিষ্ট যুৱ ব্যৱসায়ী, অভিনেতা দেৱজিৎ গোঁহাইৰ শেষ নিশ্বাস ত্যাগ

ডিজিটেল সংবাদ কামপুৰঃ এক দুৰ্ঘটণাজনিত কাৰনত আজি মৃত্যুক সাৱতি লয় নগাঁও জিলাৰ কামপুৰৰ চাংচকীৰ বিশিষ্ট যুৱ ব্যৱসায়ী,অভিনেতা, সমাজ সেৱক দেৱজিৎ গোঁহাই (৫২)। এক দুৰ্ঘটনাজনিত কাৰনত আজি বিয়লি চিকিৎসালয়ত মৃত্যুক সাৱতি লয় কামপুৰ অঞ্চলৰ সৰবৰহি যুৱকজনে।

Advertisment

উল্লেখ্য যে যোৱা শনিবাৰে নগাঁৱৰ দক্ষিণপাটত শোকাবহভাৱে এক টেক্টৰ দুৰ্ঘটনা সংঘটিত হৈছিল৷ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা পথাৰত বাগৰি পৰিছিল এখন মাল ভৰ্তি টেক্টৰ ৷

এই দুৰ্ঘটনাটোত থিতাতে নিহত টেক্টৰ চালক, ৰকিবুল হুছেইন ৷ সংকটজনক অৱস্থাত দেৱজিৎ গোঁহাইক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল ৷ নগাঁৱৰ পৰা হাৰ্ডৱেৰ দোকানৰ সামগ্ৰী কঢ়িয়াই কামপুৰলৈ গৈ আছিল টেক্টৰ খন৷

এই দুৰ্ঘটনাটোৰ পিছত চাৰিদিন ধৰি মৃত্যৰে যুঁজি আজি পুৱা ৯-৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে দেৱজিৎ গোঁহায়ে। কামপুৰ অঞ্চলৰ বিশিষ্ট যুৱ ব্যৱসায়ী হিচাপে পৰিচিত দেৱজিৎ গোঁহাই এজন অভিনেতা হোৱাৰ লগতে অঞ্চলটোৰ এজন সমাজ সেৱক হিচাপেও সকলোৰে চিনাকী।

বানেধোৱা কপিলীৰ দক্ষিণ পাৰৰ ৰাইজক প্ৰেমাজানৰ বান্ধ একক প্ৰচেষ্টাৰে ৰাইজৰ সহযোগত নিৰ্মান কৰি অঞ্চলটোৰ ৰাইজক বানপানীৰ পৰা ৰক্ষা কৰিছিল। সৰবৰহি গোঁহাইৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।

Also Read: ৰঙিয়াৰ প্ৰেমদা শিৱনাথ বিদ্যাপীঠৰ প্ৰয়াত প্ৰধান শিক্ষক ভৱানন্দ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন..

কামপুৰ