২৬ বছৰে বিনা বেতনে অৱসৰগ্ৰহণ মদন সৰকাৰৰ

সভাত বেঙ্গলী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক মদন চন্দ্ৰ সৰকাৰক আনুষ্ঠানিকভাৱে চাকৰিৰ পৰা বিদায় সম্ভাষণ জনায়

author-image
Asomiya Pratidin
New Update
২৬ বছৰে বিনা বেতনে অৱসৰগ্ৰহণ মদন সৰকাৰৰ

ডিজিটেল সংবাদ,কৃষ্ণাই : "যিয়ে অজ্ঞানতাৰ বিনাশ কৰি জ্ঞানৰ পোহৰেৰে সকলোকে আলোকিক কৰে তেঁৱেই গুৰু বা শিক্ষক।" এই মন্তব্য কৃষ্ণাই বিবেকানন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাম প্ৰসাদ ঘোষৰ।

Advertisment

বুধবাৰে কৃষ্ণাই বেঙ্গলী মধ্য ইংৰাজী বিদ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত শিক্ষকৰ বিদায়ী সভাত অতিথিৰ ভাষণত প্ৰধান শিক্ষকগৰাকীয়ে শিক্ষকক সমাজৰ জ্ঞান সত্তা বুলি সন্মান কৰা হয় বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

কৃষ্ণাই বেঙ্গলী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক অৰুণ কুমাৰ পালৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ আঁত ধৰে বিবেকানন্দ উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক মনতোষ সৰকাৰে। সভাত আমন্ত্ৰিত অতিথিৰ ভাষণত মাটিয়া প্ৰথমিক শিক্ষা খণ্ডৰ সহকাৰী বিদ্যালয় পৰিদৰ্শক ৰাজু আহমেদে কয় শিক্ষক এডাল মমবাতিৰ দৰে,যিয়ে নিজে গলি আনক পোহৰ দিয়ে।

সভাত বেঙ্গলী মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক মদন চন্দ্ৰ সৰকাৰক আনুষ্ঠানিকভাৱে চাকৰিৰ পৰা বিদায় সম্ভাষণ জনায়। উল্লেখ্য যে মদন চন্দ্ৰ সৰকাৰে ১৯৯৫ চনত কৃষ্ণাই বেঙ্গলী মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকৰ পদত যোগদান কৰিছিল।তেওঁ চলিত বৰ্ষৰ ৩১ মাৰ্চত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও,আজি শিক্ষক সৰকাৰৰ আনুষ্ঠানিকভাৱে বিদায় সভাৰ আয়োজন কৰি সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

সদ্য বিদায়ী শিক্ষক সৰকাৰে বিগত ২৬ টা বছৰে বিদ্যালয়খনত বিনা বেতনে শিক্ষকতা কৰি অহাৰ অন্তত যোৱা ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত চাকৰি প্ৰাদেশীকৃত হোৱাত বেতনৰ নামত এটা সামান্য মাননী হে লাভ কৰিছিল। শিক্ষক সৰকাৰক আজি গামোচা,চল,জাপি,ছাতি,কলম,পৱিত্ৰ গীতা পুথি,এখন মানপত্ৰ আৰু নগদ ধনৰ টোপলাৰে সম্বৰ্ধনা জনোৱা হয়।

বিদায়ী শিক্ষকগৰাকীক ছাত্ৰ-ছাত্ৰ,অভিভাৱক আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলোৱে সুকীয়া সুকীয়াকৈ বিদায় সম্ভাষণ জনায়। সভাত চি আৰ চি চি ক্ৰমে টুটুমণি দাস, শিক্ষক কুলদীপ দাস, উৎপল নাথ, সমাজকৰ্মী বিধান কৰ সাংবাদিক চৈয়দ ৰবিউল হককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে।

Also Read: কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰঙা দলিছাত খোজ চাৰা আলী খানৰ

Farewell Meeting teacher