শিক্ষক সন্মিলনীৰ আন্দোলনৰ প্ৰতি অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ সমৰ্থন...

"সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ ন্যায়সঙ্গত আন্দোলনৰ প্ৰতি অল ইণ্ডিয়া ছেভ এডুকেচন কমিটি (AISEC)ৰ অসম ৰাজ্যিক কমিটিৰ সমৰ্থন আৰু সংহতি প্ৰকাশ"...
শিক্ষক সন্মিলনীৰ আন্দোলনৰ প্ৰতি অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ সমৰ্থন...

ডিজিটেল ডেস্ক : সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ নেতৃত্বত ৰাজ্যৰ সকলো প্ৰাথমিক বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষক নিয়োগৰ ন্যায়সঙ্গত দাবীত পৰিচালিত আন্দোলনৰ প্ৰতি অল ইণ্ডিয়া ছেভ এডুকেচন কমিটি (AISEC)ৰ, অসম ৰাজ্যিক কমিটিয়ে পূৰ্ণ সমৰ্থন আৰু সংহতি প্ৰকাশ কৰিছে।

ৰাজ্য চৰকাৰ, মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক মন্ত্ৰীক সমালোচনা কৰি কমিটিখনে কয় যে,- "বিভিন্ন মেলে-মিটিঙে ৰাজ্যখনৰ প্ৰাথমিক-মাধ্যমিক শিক্ষাৰ উন্নয়নৰ বাবে তেওঁলোকে কিমান যে চিন্তা কৰিছে সেইয়া ইয়াতে প্ৰমাণ তথা শিক্ষা ব্যৱস্থাৰ গুণ-মানৰ উৎসৱ পালন কৰা ইত্যাদি যে আচলতে ঘঁৰিয়ালৰ চকুপানী টোকাৰ বাহিৰে আন একো নহয়, সেই কথাই আকৌ এবাৰ প্ৰমাণ কৰিলে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ উত্থাপিত দাবীয়ে।"

তেওঁলোকে উত্থাপন কৰা দাবীৰ পৰাই ৰাজ্যৰ জনসাধাৰণে জানিব পাৰিল যে অসমৰ কোনো এখন প্ৰাথমিক বিদ্যালয়তেই দীৰ্ঘদিনৰ পৰা প্ৰধান শিক্ষক নাই। অথচ প্ৰধান শিক্ষকে পালন কৰিবলগীয়া দায়িত্বৰ বোজা ক্ৰমবৰ্ধমান গতিত বৃদ্ধি কৰি গৈ থকা হৈছে। প্ৰাথমিক শিক্ষা ধ্বংসৰ বাবে সুচিন্তিত পৰিকল্পনাৰে ২০০৯ চনৰ পৰাই ১ম শ্ৰেণীৰ পৰা ৮ম শ্ৰেণীলৈ পাছ-ফেল প্ৰথা তুলি দি অটোমেটিক প্ৰমোচন ব্যৱস্থা কৰা হৈছে, আৰু লগতে বিদ্যালয়সমূহৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদ হিচাপে বিবেচিত প্ৰধান শিক্ষকৰ পদটোকে দীৰ্ঘদিনৰ পৰা খালি কৰি ৰখাৰ দ্বাৰা প্ৰকৃততে তেওঁলোকে কি উদ্দেশ্য পূৰণ কৰিব বিচাৰিছে, তাক বুজি পোৱাত কাৰো অসুবিধা নহয় বুলিও কমিটিখনে এক প্ৰেছ বিবৃতি যোগে মত প্ৰকাশ কৰে।

সেয়েহে, অল ইণ্ডিয়া ছেভ এডুকেচন কমিটি(AISEC)ৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ ন্যায়সঙ্গত দাবী মানি লৈ অবিলম্বে ৰাজ্যৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক নিযুক্তি দিয়াৰ বাবে দৃঢ় দাবী জনায়। আৰু লগতে চৰকাৰী বিদ্যালয়ৰ শিক্ষাৰ মান উন্নয়নৰ ক্ষেত্ৰত অপৰিহাৰ্য হিচাবে বিবেচিত পাছ-ফেল প্ৰথা পুনৰ প্ৰবৰ্তনৰ বাবেও দাবী জনায়।

শিক্ষক সন্মিলনীৰ আন্দোলনৰ প্ৰতি অল ইণ্ডিয়া ছেভ এডুকেচন কমিটিৰ সমৰ্থন...
নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত বক্তৃতা অনুষ্ঠানৰ আয়োজন...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in