নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত বক্তৃতা অনুষ্ঠানৰ আয়োজন...

নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত বক্তৃতা অনুষ্ঠানৰ আয়োজন...

ডিজিটেল ডেস্ক : নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী "কল্লোল"ৰ উদ্যোগত আৰু নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত আয়োজন কৰা হৈছে এক বক্তৃতা অনুষ্ঠান। অসমীয়া চুটিগল্পৰ প্ৰথিতযশা লেখক ড০ লক্ষীনন্দন বৰাৰ শ্ৰদ্ধাঞ্জলিত চলিত বৰ্ষৰ ৮ জুন তাৰিখে আয়োজন কৰা এই বক্তৃতা অনুষ্ঠানৰ বিষয়বস্তু হৈছে "অসমীয়া চুটিগল্পত গ্ৰাম্য জীৱনৰ প্ৰতিফলন"।

বিশিষ্ট সমালোচক প্ৰভাত বৰাই সঞ্চালনা কৰিব লগীয়া উক্ত আলোচনা চক্ৰত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰিব বিশিষ্ট লেখক-সমালোচক প্ৰদীপ আচাৰ্য্যই। উল্লেখ্য যে নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী "কল্লোল"ৰ ৫১ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

আনহাতে অনুষ্ঠানটিৰ সফল ৰূপায়নৰ বাবে সকলোৰে উপস্থিতি কামনা কৰিছে সাংস্কৃতিক গোষ্ঠী "কল্লোল"ৰ লগতে নগাঁও মহাবিদ্যালয়ৰ অসমীয়া বিভাগে।

নগাঁৱৰ সাংস্কৃতিক গোষ্ঠী কল্লোলৰ উদ্যোগত বক্তৃতা অনুষ্ঠানৰ আয়োজন...
গহপুৰত চাৰি তীৰ মাফিয়াক গ্ৰেপ্তাৰ আৰক্ষীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in