/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/5b6d2273-2e5d-4206-befc-6a416853ba9d/chirang_16.jpg)
প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক ( টিউটৰ) সন্থাৰ প্ৰতিবাদ...
ডিজিটেল সংবাদ চিৰাং: আজি শ্ৰেণীকোঠা এৰি কেইবা শতাধিক শিক্ষক শিক্ষয়িত্ৰীয়ে চিৰাং জিলাৰ কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । চিৰাং জিলা প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক ( টিউটৰ) সন্থাৰ আহ্বানত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক-শিক্ষয়ত্ৰীসকলে দিনৰ ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ।
টিউটৰৰ পৰা শিক্ষকলৈ পদোন্নতি কৰা, সমকৰ্মৰ বাবে সমমৰ্যাদা প্ৰদান কৰা, ১০ লাখ টকাৰ গ্ৰেচুইটিৰ ব্যৱস্থা কৰা, মৃত্যু হোৱা শিক্ষক (টিউটৰ) ৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰা আৰু গুণোৎসৱকে ধৰি ছাত্ৰ-ছাত্ৰীক চৰকাৰী সকলো সা-সুবিধা প্ৰদান আদি কৰি পাঁচদফীয়া দাবী লৈ চিৰাং জিলা প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক ( টিউটৰ) সন্থাৰ উদ্যোগত চিৰাঙৰ কাজলগাঁৱত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ।
প্ৰতিবাদকাৰী শিক্ষক শিক্ষয়ত্ৰীসকলে তেওঁলোকৰ দাবী সম্বলিত শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে । আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ অন্তত চিৰাং জিলা প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক ( টিউটৰ) সন্থাৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/541b35d4-55b7-4792-96ae-287e7e629d06/f452f4a3_8ce5_41a9_ae96_53cd7c6c3a52.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/2253fa48-c168-49b8-9d4b-7e4af5b9f8aa/d87ebe22_de10_4207_bb8d_47e713caeba2.jpg)
Also Read: মহিলাৰ ছিনিয়ৰ হকী প্ৰতিযোগিতালৈ অসম দলঃ ১৮ ফেব্ৰুৱাৰীত আৰম্ভ কৰিব অভিযান...