/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/bc773e18-554f-45dd-b291-cc6ca9840dd6/tea.jpg)
ডিজিটেল সংবাদ, বেকাজান: আজি সমগ্ৰ ৰাজ্যতে পালন কৰা হয় শিক্ষক দিৱস।ইয়াৰ লগত সংগতি ৰাখিয়েই ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানত ব্যাপক আয়োজন কৰা হয়। সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰ মহকুমাৰ অসম -নাগালেণ্ড সীমান্তৰ জাতীয় শিক্ষা অনুষ্ঠান বেকাজান জাতীয় বিদ্যালয়ত আজি দিনজোৰা বৰ্ণিল সাংস্কৃতিক কাৰ্যসূচীৰে ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয় ।
এই উপলক্ষে পুৱা ৯ বজাত জাতীয় বিদ্যালয়ৰ সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত বজাত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়ৰ উপাধ্যক্ষ বিপিন নাটে । ইয়াৰ পিছত পণ্ডিত -দাৰ্শনিক ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিছবিত মাল্যপৰ্ণ কৰে অভিভাৱক ক্ৰমে শিক্ষয়িত্ৰী কৃষ্ণা শইকীয়াই , অভিভাৱক দীপাংকৰ পাত্ৰ আৰু মধুস্মিতা বৰা সন্দিকৈয়ে।
দাৰ্শনিক আৰু পণ্ডিত সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ জীৱন আৰু দৰ্শনৰ বৰ্তমান শিক্ষা ব্যৱস্থা সম্পৰ্কে বিস্তৃত আলোকপাত কৰি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ মণ্টুচ্ কোঁৱৰে । ইয়াৰ পিছত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে একোখনকৈ ফুলাম গামোচাৰে গুৰু শিষ্যৰ পৰম্পৰাৰে প্ৰতিগৰাকী শিক্ষাগুৰুক সেৱা জনাই আশীষ লয় ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/c3c31297-123d-4d77-ae95-aa3f581249f2/0f5cdecd_fce6_49be_aa61_f0ce79c779ba.jpg)
ধেমাজিত শিক্ষক দিৱস পালনঃ সমগ্ৰ দেশৰ লগতে মঙ্গলবাৰে ধেমাজিতো ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত ৰাজহুৱা প্ৰেক্ষাগৃহত ৬২ সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস উদযাপন হয় ৷ এই উপলক্ষে দুপৰীয়া ১২ বজাত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্য্যসূচী শুভাৰম্ভ কৰে ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে ৷
দুপৰীয়া ১২.০৫ বজাত জাতীয় সংগীত পৰিবেশন কৰা পিছতেই ভাৰপ্ৰাপ্ত ধেমাজি জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকাই আদৰণি ভাষন দিয়ে ৷ অনুষ্ঠানত জিলা আয়ুক্ত অংকুৰ ভৰালী ,অতিৰিক্ত জিলা আয়ুক্ত সঞ্জীৱ ফুকনে শিক্ষক সকলক উদ্দেশ্যি বক্তব্য ৰাখে ৷
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰ লোকসভাৰ সাংসদ প্ৰদান বৰুৱাই বক্তব্যত শিক্ষক সকলে শিক্ষাৰ সমান্তৰালভাৱে বিদ্যালয় সমূহত ছাত্ৰ-ছাত্ৰী সকলৰ বাবে খেল- ধেমালিৰ প্ৰতিও গুৰুত্ব আৰোপ কৰিবলৈ তেওঁ অনুৰোধ জনায় ৷
অনুষ্ঠানত ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সম্পাদক খগেন পেগুৱেও উপস্থিত থাকে ৷
এইবাৰ জিলা ভিত্তিত অনুষ্ঠিত হোৱা এই শিক্ষক দিৱসত জিলাখনৰ ২০ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক ২০২৩-২৪ বৰ্ষৰবাবে জিলা কৃতী শিক্ষক বঁটা প্ৰদান হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/2746c8ac-b3c2-494e-9449-948175e3316e/fec49a1c_c90a_4dc8_bf33_f783874a9c6b.jpg)
মঙলদৈত শিক্ষক দিৱস পালনঃ
দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৬২ সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত অনুষ্ঠিত এই শিক্ষক দিৱস অনুষ্ঠানত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া মুখ্য অতিথিৰূপে উপস্থিত থাকে।
অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক বসন্ত দাস আৰু অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে ।অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত, সাংসদ আৰু বিধায়ক কেইগৰাকী আৰু মীন উন্নয়ন নিগমৰ অধ্যক্ষই ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।
আজিৰ অনুষ্ঠানত ভাষণ প্ৰদান কৰি সাংসদ দিলীপ শইকীয়াই শিক্ষা আৰু জ্ঞানৰ চৰ্চাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ গৰিমা আৰু ঐতিহ্যৰ বিষয়ে বিস্তৃত ব্যাখ্যা আগবঢ়ায়। শিক্ষকতাক বিশ্বৰ পৱিত্ৰতম বৃত্তি বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰতীয় সমাজত শিক্ষাগুৰু তথা জ্ঞানৰ সাধক সকলক সদায়ে উচ্চাসন দিয়া হয়। জ্ঞানৰ সাধনা-চৰ্চা ভাৰতীয় ঐতিহ্যৰ অংশ। সেয়ে কুৰুক্ষেত্ৰত দুয়ো পক্ষ যুযুধান অৱস্থাত থাকোতে ভাগৱত গীতাৰ সৃষ্টি সম্ভৱ হৈছিল। ভাৰতবৰ্ষই অস্ত্ৰ লৈ নহয়, শাস্ত্ৰ লৈ অৰ্থাৎ জ্ঞানৰ পোহৰ লৈ বিশ্ব জয় কৰিবলৈ গৈছিল বুলি তেওঁ মন্তব্য কৰে।
সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ প্ৰদান কৰি ড০ কমলা কান্ত বৰাই কয় যে স্বামী বিবেকানন্দই প্ৰত্যেক ব্যক্তিৰ মাজত অন্তৰ্নিহিত পূৰ্ণতাক প্ৰকাশ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে । শিক্ষা দানৰ ই এক মহৎ লক্ষ্য। নতুন শিক্ষা নীতিয়ে শিক্ষাৰ ক্ষেত্ৰত আনিবলগীয়া পৰিবৰ্তনৰ ওপৰত তেওঁ আলোকপাত কৰে। এগৰাকী সু-শিক্ষক হ'বৰ বাবে সৃষ্টিশীলতা, পৰ্যালোচনা শক্তি লগতে শিক্ষাৰ্থীৰ সৈতে সুসম্পৰ্ক গঢ়াৰ দক্ষতা, মৰমিয়াল মনোভাৱ আৰু সু-চৰিত্ৰৰ দৰে গুণসমূহৰ প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/762baa54-e1f7-4f8a-b53d-7936139da2d0/55376f20_e001_4fed_89db_001eca5a6628.jpg)
কলিয়াবৰত শিক্ষক দিৱস পালনঃ
সমগ্ৰ দেশৰ লগতে কলিয়াবৰতো মহকুমা প্ৰশাসনে কেন্দ্ৰীয় ভাৱে শিক্ষক দিৱস উদযাপন কৰে। হাটবৰৰ কলিয়াবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰাংগনত আয়োজিত শিক্ষক দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকি স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণক সোঁৱৰী কয় বিশ্বত শিক্ষক হিচাপে স্বীকৃত সৰ্বপল্লী ৰাধাকৃষ্ণণ।
তেওঁ লগতে কয় এজন শিক্ষকৰ যিখিনি সন্মান পাবৰ যোগ্য সেই খিনিক শিক্ষক সকলেই আগুৱাই নিব লাগিব । আগন্তুক দিনত কলিয়াবৰৰ শৈক্ষিক দিশ টনকিয়াল কৰাৰো পোষকতা কৰে মন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানৰ আৰম্ভণিতে ড০ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে মহকুমাধিপতি লিজা তালুকদাৰে। কলিয়াবৰ মহকুমা প্ৰশাসন আৰু মহকুমা শিক্ষা বিভাগে যৌথভাৱে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা শিক্ষক দিৱসৰ মুকলি সভাত আদৰণি ভাষন আগবঢ়ায় বিদ্যালয় খনিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ সঞ্জীৱ কুমাৰ হাজৰিকাই। নিৰ্দিষ্ট বক্তাৰ ভাষন দিয়ে শিক্ষাবিদ প্ৰভাত চন্দ্ৰ গোস্বামীয়ে। বিশিষ্ট অতিথিৰ ভাষণ দিয়ে কুঁৱৰীটোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অম্লান গোস্বামীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/68633201-2a70-4deb-b7ba-77e4e2f03842/2360557c_168c_471e_a4e6_41550e3c58cf.jpg)
Also Read: গৰমে ভংগ কৰিছে ৰেকৰ্ড! আগন্তুক ৪-৫ দিন বৃদ্ধি পাব তাপমান