/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/93bbddbb-db42-49cc-a747-3ed0febc67ca/33.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ ই-ৰিক্সাৰ খুন্দাত গুৰুতৰভাবে আহত গহপুৰৰ শিক্ষক চন্দন ভূঞাৰ নগাঁৱৰ "চিমছ" নাৰ্ছিং হোমত মৃত্যু হয়। জীৱন-মৃত্যুৰে যুঁজি বুধবাৰৰ পুৱা শেষ নিশ্বাস ত্যাগ কৰে ছয়দুৱাৰ প্ৰাথমিক শিক্ষা খণ্ডৰ এক নং নৱজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন ভূঞাই।
যোৱা ১০ জানুৱাৰীৰ সন্ধিয়া প্ৰায় ৫-৫০ বজাত গহপুৰৰ নগৰৰ মাজমজিয়াত এএছ ৩২ ই আৰ ০৫৭০ নম্বৰৰ ই-ৰিক্সাখনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হৈ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল তেওঁ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৫ বছৰ।
কলাবাৰীৰ কলিতাগাঁৱৰ পৰা আহি গহপুৰ নগৰৰ ধেনুধৰাত নিগাজিকৈ থাকিবলৈ লোৱা চন্দন ভূঞাই মৃত্যুৰ সময়ত পত্নী ৰূপা ভূঞা আৰু একমাত্ৰ পুত্ৰ ময়ূখ ভূঞাৰ লগতে বহু আত্মীয়-স্বজনক ইহ-সংসাৰত এৰি থৈ গৈছে।তেওঁৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত।
Also Read: পুনৰ মণিপুৰত নিৰাপত্তাৰক্ষী-কুকি উগ্ৰপন্থীৰ সংঘৰ্ষ