বড়োলেণ্ড আন্দোলনৰ ছহিদৰ স্মৃতিত আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

বড়োলেণ্ড আন্দোলনৰ ছহিদৰ স্মৃতিত আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ
বড়োলেণ্ড আন্দোলনৰ ছহিদৰ স্মৃতিত আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ

ডিজিটেল সংবাদ,ৰৌতাঃ ৰৌতাত বড়োলেণ্ড আন্দোলনৰ ছহিদৰ স্মৃতিত মাইলৰ খুঁটিৰ আধাৰশিলা স্থাপন কৰে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে। ৰৌতাত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৫ সংখ্যক অধিৱেশনৰ লগত সংগতি ৰাখি সংগঠনটোৰ উদ্যোগত স্থাপন কৰা হ'ব বড়োলেণ্ড আন্দোলনৰ স্মৃতিসৌধৰ মাইলৰ খুঁটি ।

দীৰ্ঘদিনীয়া এবছুৰ আন্দোলনৰ ইতিহাস আৰু বড়ো জনগোষ্ঠীৰ ইতিহাস সজীৱ কৰি ৰাখিবলৈ বি টি চি চৰকাৰৰ সাহায্যাৰ্থে ৰৌতাৰ সৰ্বহেৰুৱাৰ ৫০ বিঘা ভূমিত স্থাপন কৰা হ'ব এই বৃহৎ আচঁনিটো । আঁচনিটোত মিউজিয়াম, লাইব্ৰেৰীৰ লগতে বিভিন্ন অনুষ্ঠান, শিক্ষানুষ্ঠান স্থাপন কৰিব ।SOPD-WPT আঁচনিৰ অধীনত বিটিচি চৰকাৰে প্ৰাথমিক কামখিনি কৰাৰ বাবে সদ্যহতে ১.৫০ কোটি টকা মুকলাই দিছে ।

আনহাতে পৰৱৰ্তী সময়ত আঁচনিটো সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় ধন ধাৰ্য কৰিব বুলি ঘোষণা কৰে প্ৰমোদ বড়োয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in