শিক্ষক তথা প্ৰাক্তন সাংবাদিক বদ্ৰীবাহাদুৰ ছেত্ৰীৰ দেহাৱসান..

চিৰাং প্ৰেছ ক্লাবৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
শিক্ষক তথা প্ৰাক্তন সাংবাদিক বদ্ৰীবাহাদুৰ ছেত্ৰীৰ দেহাৱসান..

শিক্ষক তথা প্ৰাক্তন সাংবাদিক বদ্ৰীবাহাদুৰ ছেত্ৰীৰ দেহাৱসান..

ডিজিটেল সংবাদ চিৰাংঃ চিৰাং জিলাৰ গৰুভাষাৰ বাসিন্দা তথা শিক্ষক, প্ৰাক্তন সাংবাদিক বদ্ৰীবাহাদুৰ ছেত্ৰীয়ে নিশা ৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে মধুমেহ ৰোগত আক্ৰান্ত বদ্ৰীবাহাদুৰ ছেত্ৰীয়ে নিশা এক বজাত বঙাইগাঁও চহৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত ৫৯ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ।

Advertisment

গৰুভাষা হিন্দী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধানশিক্ষকৰ দায়িত্বত তথা বদ্ৰীবাহাদুৰ ছেত্ৰী ৯০ দশকৰ পৰা অসমৰ সংবাদ জগতৰ বিভিন্ন দৈনিক বাতৰি কাকতত নিয়মিত সংবাদ সেৱা আগবঢ়াইছিল। মৃত্যুৰ সময়ত পত্নী, এজনী কন্যা আৰু এজন পুত্ৰ সন্তানক সংসাৰত থৈ যায়।

চিৰাং জিলা প্ৰেছ ক্লাৱৰ সভাপতিৰ আসন অলংকৃত কৰা বদ্ৰীবাহাদুৰ ছেত্ৰীৰ আকস্মিক মৃত্যুত চিৰাং জিলা প্ৰেছ ক্লাৱৰ উপৰি কাজলগাঁও, বাসুগাঁও, বিজনী প্ৰেছ ক্লাৱৰ পৰা গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

Also Read: বিশ্বৰ ১০০ শীৰ্ষ বন্দৰৰ তালিকাত ভাৰতৰ ৯ টা বন্দৰৰ স্থান লাভঃ সোণোৱালে ক'লে এয়া বিৰল স্বীকৃতি...

চিৰাং