/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/2af51f4e-a83d-4339-8464-7a03df170379/jhkkjlkjllkj_l.jpg)
ডিজিটেল সংবাদ, কাজিৰঙাঃ ৱাইল্ডলাইফ টুৰিজিমৰ লগতে কাজিৰঙাত আৰম্ভ টি টুৰিজিম ৷সাধাৰণতে কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকৰ অন্যতম আকৰ্ষণ হৈ পৰে চাহ বাগিচা সমূহ ৷ কিন্তু চাহবাগিচাৰ ওপৰি চাহ উদ্যোগ সমূহ প্ৰত্যক্ষ ভাৱে চোৱাৰ বা জনাৰ সুবিধা নথকাত পৰ্যটক সকল বিফল মনোৰথ হ’ব লগীয়া হয় ৷
তেনেক্ষেত্ৰত পৰ্যটকক এই সুবিধা প্ৰদানৰ ব্যৱস্থা গ্ৰহন কৰিছে কাজিৰঙাৰ হাতীখুলি চাহবাগিচা কৰ্তৃপক্ষই ৷ এতিয়াৰে পৰা পৰ্যটকে হাতীখুলি চাহবাগিচাৰ অন্তৰ্ভাগ চাব পৰাৰ লগতে চাহ উৎপাদন প্ৰক্ৰিয়াৰ বিষয়ে বিতং বিৱৰণ জানিব পাৰিব বাগিচাখনৰ পৰা ৷
আনহাতে পিঠিত টুকুৰী লৈ নিজে চাহপাত চিঙি ফটো লোৱাৰ সুবিধা দিয়া হ’ব পৰ্যটক সকলক ৷ আনহাতে বাগিচাখনত উৎপাদন হোৱা জালুক ব্যৱহাৰ যোগ্য কৰা পদ্ধতি খিনিও উপস্থাপন কৰা হ’ব পৰ্যটকৰ আগত ৷
Also Read: ৩ বৰেণ্য ব্যক্তিলৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'