৩ বৰেণ্য ব্যক্তিলৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'

৩ বৰেণ্য ব্যক্তিলৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'

ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিং, পিবি নৰসিংহ ৰাও আৰু কৃষি বিজ্ঞানী এমএছ স্বামীনাথনলৈ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক্সৰ জৰিয়তে এই কথা ঘোষণা কৰে।

মোডীয়ে কয় যে, আমাৰ চৰকাৰৰ এয়া সৌভাগ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰন সিঙক ভাৰত ৰত্ন প্ৰদান কৰা হ'ব। এই সন্মান দেশলৈ তেওঁৰ অতুলনীয় অৱদানৰ বাবে। তেওঁ কৃষকসকলৰ অধিকাৰ আৰু কল্যাণৰ বাবে জীৱন উৎসৰ্গা কৰিছিল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ,দেশৰ গৃহমন্ত্ৰী আৰু এজন বিধায়ক হিচাপেও তেওঁ সদায় ৰাষ্ট্ৰ নিৰ্মাণত গতি প্ৰদান কৰিছিল। জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধেও দৃঢ়তাৰে থিয় দিছিল। আমাৰ কৃষক ভাই-ভনীসকলৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু জৰুৰীকালীন অৱস্থাত গণতন্ত্ৰৰ প্ৰতি তেওঁৰ প্ৰতিশ্ৰুতিয়ে সমগ্ৰ দেশক অনুপ্ৰাণিত কৰে।

কৃষি বিজ্ঞানী এমএছ স্বামীনাথনলৈ ভাৰত ৰত্ন ঘোষণা কৰি মোডীয়ে কয়, কৃষি আৰু কৃষকৰ কল্যাণৰ ক্ষেত্ৰত আমাৰ দেশলৈ আগবঢ়োৱা স্মৰণীয় অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে ড০ এম এছ স্বামীনাথনজীক ভাৰত ৰত্ন প্ৰদান কৰাটো গৌৰৱৰ বিষয়। তেওঁ প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতক কৃষিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু ভাৰতীয় কৃষিৰ আধুনিকীকৰণৰ দিশত অসামান্য প্ৰচেষ্টা চলাইছিল।

প্ৰাক্তন প্ৰধানমন্ত্ৰী নৰসিংহ ৰাওলৈ ভাৰত ৰত্ন ঘোষণা কৰি তেওঁ কয়, "নৰসিংহ ৰাৱে ভাৰতক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ জৰিয়তে আগুৱাই লৈ গৈছিল আৰু ইয়াৰ সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যকো সমৃদ্ধ কৰিছিল।

৩ বৰেণ্য ব্যক্তিলৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'
শুকানজুলি-পাহাৰপুৰ ফায়াৰিং ৰেঞ্জত অঘটনঃ বোমা-বাৰুদৰ অৱশিষ্ট বুটলিব গৈ মৃত্যু এজনৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in