লক্ষ্য- ড্ৰাগছমুক্ত অসমঃ ৮০০কিঃমিঃ দৌৰি ৰাইজক সজাগ কৰাৰ চেষ্টা ধীৰাজৰ...

লক্ষ্য- ড্ৰাগছমুক্ত অসমঃ ৮০০কিঃমিঃ দৌৰি ৰাইজক সজাগ কৰাৰ চেষ্টা ধীৰাজৰ...

author-image
Asomiya Pratidin
New Update
লক্ষ্য- ড্ৰাগছমুক্ত অসমঃ ৮০০কিঃমিঃ দৌৰি ৰাইজক সজাগ কৰাৰ চেষ্টা ধীৰাজৰ...

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ড্ৰাগছমুক্ত অসম গঢ়াৰ সংকল্পৰে অসমৰ জনসাধাৰণক সজাগ আৰু সচেতন কৰাৰ স্বাৰ্থত এজন যুৱকে শদিয়াৰ পৰা ধুবুৰিলৈ প্ৰায় ৮০০ কি:মি:দুৰত্ব দৌৰিছে আলট্ৰা মাৰাথান দৌৰ ৷ এই ড্ৰাগছ বিৰোধী সজাগতা অভিযানত নমা যুৱকজন হল বজালি জিলাৰ বামখাটাৰ কেন্দুগুৰি গাঁও নিৱাসী কৰুনা কান্ত তালুকদাৰ ৰ সুযোগ্য পুত্ৰ ধিৰাজ তালুকদাৰ৷

Advertisment

২০১৭/১৯ আৰু ২০২১ বৰ্ষত সুদুৰ মুম্বাইত অনুষ্ঠিত হৈ যোৱা টাটা মাৰাথান দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৌৰৰ ক্ষেত্ৰত বিশেষ অভিজ্ঞতা লাভ কৰা *ধীৰাজ তালুকদাৰ নামৰ দৌৰবিদ জনে যোৱা ২০ জুলাইৰ বিয়লি ৫-৩০ বজাত শদিয়াৰ পৰা এই আলট্ৰা মাৰাথান দৌৰ আৰম্ভ কৰি আহি শুকুৰবাৰে বিয়লি জামুগুৰিহাটত উপস্থিত হয়৷

জামুগুৰি ক্ৰীড়া সন্হাৰ আতিথ্যত নিশাটো ইন্দৰ ষ্টেডিয়ামতে কটাই আজি পুৱা ৩-৩০ বজাত পুনৰ এই আলট্ৰা মাৰাথান দৌৰ আৰম্ভ কৰি তেজপুৰ হৈ ধুবুৰীলৈ বুলি দৌৰে৷ দৌৰবিদ ধীৰাজ তালুকদাৰে জনোৱা মতে নিজ ঘৰৰ পৰা যাত্ৰা কৰাৰ মূহুৰ্তৰে পৰা তেওক সকলো ক্ষেত্ৰতে সহায় সহযোগিতা আগবঢ়াই লৈ আহিছে সতীৰ্থ দুগৰাকী যুৱক নৱজিৎ কলিতা আৰু জয়ন্ত পাটগিৰীয়ে৷

শনিবাৰে পুনৰ তেঁওলোকৰ সহযোগতে যাত্ৰা কৰি গৈ অহা ৩ আগষ্টত ধুবুৰী চহৰত উপস্থিত হোৱাৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ দৌৰবিদ গৰাকীৰ মতে অসমৰ নৱ প্ৰজন্মই এই দ্ৰাগছ সেৱনৰ পৰা আতৰি আহিবই লাগিব৷ কাৰন মানৱ দেহৰ বাবে মাৰাত্মক ক্ষতিকাৰক এই নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰি বহু যুৱক যুৱতী ধংশৰ মুখলৈ গতি কৰাৰ লগতে পাৰিবাৰিক কন্দলৰ সৃষ্টি হোৱাৰ ফলত বহু লোক মৃত্যুৰ মুখত পৰিছে৷

Also Read: প্রসংগ- জনজাতিকৰণঃ ২৮ আগষ্টৰ পৰা ৰাজ্যত চলিব আক্রাছুৰ ধাৰাবাহিক গণ আন্দোলন...

ড্ৰাগছমুক্ত অসম