/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/a69e1907-e105-495c-aa62-3209180a87d4/78bf4660-4aba-4d46-b3ca-2bc4c08a4c4b.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ প্রসংগঃ জনজাতিকৰণ। বিজেপি চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে পুনৰ জাঙুৰ খাই উঠিছে আক্ৰাছুৰ কেন্দ্রীয় সভাপতি অতুল বৰ্মন৷ ১৫ আগষ্টৰ ভিতৰত জনজাতিকৰণ নকৰিলে ২৮ আগষ্টৰ পৰা ধাৰাবাহিক গণ আন্দোলনৰ হুংকাৰ নেতাগৰাকীৰ। চৰকাৰ গঠনৰ ৬ মাহৰ ভিতৰত জনজাতিকৰণৰ প্রতিশ্রুতি ক'ত গল? প্রশ্ন কেন্দ্রীয় সভাপতি গৰাকীৰ। অকল অ-বিভক্ত গোৱালপাৰাত জনজাতিকৰণৰ কুজকাৱাজ চলাই বিভেদৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে। কোচ ৰাজবংশীৰ সন্মিলনীৰ নেতা প্রণৱ নাৰায়ণ দেৱকো তীব্র সমালোচনা নেতাগৰাকীৰ।
জনজাতিকৰণৰ নামত ট্ৰাইবেল সংঘই কৰা বিৰোধিতাক লৈও সৰৱ নেতাগৰাকী। আমাক বিৰোধিতা কৰিলে আমিও তেওঁলোকৰ বিৰোধিতাত নামিম বুলি সকীয়নী কেন্দ্রীয় সভাপতি গৰাকীৰ। অতিশীঘ্ৰে KAC ৰ সীমা নির্ধাৰণ কৰিবলৈ দাবী জনাইছে সংগঠনটোৱে। জনজাতিকৰণ নকৰি KAC ত নির্বাচন পাতি লাভ নাই বুলিও মন্তব্য। আন্দোলন কৰিব নোৱাৰিব বুলি চৰকাৰে কৰা মন্তব্যক লৈ কেন্দ্রীয় নেতা গৰাকীয়ে কয় যে 'গণতান্ত্রিক দেশক বিজেপিৰ ৰাজতন্ত্ৰৰ দৰে কাৰবাৰ সহ্য কৰা নহব'।
BTAD ৰ পৰিষদীয় সমষ্টি ৫৪ টালৈ বৃদ্ধি পালে ১০ টা সমষ্টি কোচ ৰাজবংশীৰ নামত সংৰক্ষণৰ দাবী অতুল বৰ্মনৰ। ইফালে অতিশীঘ্রে KLO(KN) গোট শান্তি আলোচনালৈ আহিব বুলি মন্তব্য নেতাগৰাকীৰ। আনুষ্ঠানিকতা নহলেও ইয়াক লৈ চৰকাৰৰ সৈতে চৰ্চা চলি থকা বুলি মন্তব্য। শান্তি চুক্তিৰ পাছত একেলগে সংঘবদ্ধ ভাবে এই আন্দোলন আগুৱাই নিয়াৰ আহ্বান কেন্দ্রীয় সভাপতি গৰাকীৰ।