তৰেন বড়োৰ স্বাস্থ্যৰ বুজ ল'লে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সদস্যই

দীৰ্ঘদিন ধৰি অসুস্থ হৈ দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ আছে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো।

author-image
Asomiya Pratidin
New Update
 তৰেন বড়োৰ স্বাস্থ্যৰ বুজ ল'লে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভাৰ সদস্যই

ডিজিটেল ডেস্ক: দীৰ্ঘদিন ধৰি অসুস্থ হৈ দিছপুৰ পলিক্লিনিকত চিকিৎসাধীন হৈ আছে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়ো। বৃহস্পতিবাৰে খিলঞ্জীয়া জনজাতীয় সাহিত্য সভা, অসম (ইটছা) তৰফৰ পৰা চিকিৎসালয়ত উপস্থিত হৈ বড়োৰ স্বাস্থ্যৰ বুজ লয়।

Advertisment

উপস্থিত লোক সকলে তৰেন বড়োৰ চিকিৎসা আৰু স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে আশু আৰোগ্যৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় । এই সময়চোৱাত উপস্থিত আছিল গুৱাহাটী জিলা বড়ো সাহিত্য সভাৰ সভাপতি লোহিত চন্দ্ৰ ব্ৰহ্ম, কোষাধ্যক্ষ অমল বড়ো লগতে কেইজন বিশিষ্ট ব্যক্তি।

আৰু পঢ়ক: সংখ্যালঘূক 'টোপিৱালা' আৰু 'ক্ৰছৱালা' আখ্যাঃ চিইএম ডেবোলাল গৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ

taren boro