/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/e97e41f3-94e2-4462-a253-10cc13418387/tb.jpg)
ডিজিটেল ডেস্ক: ডিমা হাচাওত তৃণমূল কংগ্ৰেছে ৮ ফেব্ৰুৱাৰীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ (এনচিএইচএচি) মুখ্য কাৰ্যবাহী সদস্য ডেবোলাল গৰ্লোছাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। জিলাখনৰ পানীমুৰত এখন ৰাজহুৱা সভাত সংখ্যালঘু সকলক 'টোপিৱালা' আৰু 'ক্ৰছৱালা' বুলি কৰা মন্তব্যৰ অভিযোগত এই এজাহাৰ দাখিল কৰে।
পানীমুৰাত ভাষণৰ সময়ত গৰ্লোছাই পৰোক্ষভাৱে সংখ্যালঘু সম্প্ৰদায়ক সমালোচনা কৰে । লগতে তেওঁ ডিমাচা সম্প্ৰদায়ৰ চিইএম বুলি অনুভৱ কৰা বুলি কয়।
তৃণমূল কংগ্ৰেছৰ অভিযোগ অনুসৰি তেওঁ কৈছিল যে , "আমি 'টোপিৱালা' আৰু 'ক্ৰছৱালা' সকলৰ বিষয়ে চিন্তা কৰিব লাগিব। এই ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতেই ডিমা হাচাও তৃণমূল কংগ্ৰেছে এজাহাৰ দাখিল কৰে।
এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সদস্যই কয় যে, গাৰ্লোছা এজন নেতা। গতিকে এনে লোক এজনৰ বিৰূপ মন্তব্য শোভা নাপায়। লগতে গাৰ্লোচাক এই সন্দৰ্ভত ক্ষমা খুজিবলৈও আহ্বান জনায়। লগতে গাৰ্লোচাই মন্তব্য উঠাই নল'লে পৰৱৰ্তী সময়ত তেওঁৰ লগতে বিজেপিও ক্ষতিগ্ৰস্ত হ'ব বুলি কয়।
আৰু পঢ়ক: বন্ধ নহয় ভোগেশ্বৰী ফুকননীন চিকিৎসালয়ৰ চিকিৎসা সেৱা: বিধায়ক ৰূপক শৰ্মাৰ