তামুলপুৰত অৰুণোদয় আঁচনিৰ সুবিধা বিচাৰি মহিলাৰ প্ৰতিবাদ...

বিটিআৰৰ চীফ প্ৰমোদ বড়োৰ পৰিষদীয় সমষ্টি ২৮ নং গয়বাৰী (তামুলপুৰ)সমষ্টিৰ এক নং দ্বাৰকুছিত মহিলাৰ প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
তামুলপুৰত অৰুণোদয় আঁচনিৰ সুবিধা বিচাৰি মহিলাৰ প্ৰতিবাদ...

ডিজিটেল সংবাদ, তামুলপুৰঃ "আমাক অৰুণোদয় আঁচনি লাগে আমাক অৰুণোদয় দিয়ক"- অৰুণোদয় আঁচনিৰ চাউল বিচাৰি প্ৰতিবাদ মহিলাৰ ৷ বিটিআৰৰ চীফ প্ৰমোদ বড়োৰ পৰিষদীয় সমষ্টি ২৮ নং গয়বাৰী (তামুলপুৰ)সমষ্টিৰ এক নং দ্বাৰকুছি ভিচিডিচিৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি তথা বিধায়ক ভৱেশ কলিতাৰ ৰঙিয়া বিধান সভা সমষ্টিৰ চিকনিবাৰী গাঁৱৰ এই সকল মহিলা ৰাজ্যচৰকাৰ মেগা আঁচনি, অৰুণোদয় আঁচনিৰ পৰা আজিও বঞ্চিত হৈ আছে ৷

Advertisment

গাঁৱখনৰ অৰ্ধশতিক পৰিয়ালৰ মহিলাই পোৱা নাই অৰুণোদয় আঁচনিৰ ধন ৷ শেহতীয়াভাৱে ৰাজ্য চৰকাৰে ঘোষণা কৰা ২৭ লাখ পৰিয়ালক নতুনকৈ দিব খোজা অৰুণোদয় আঁচনিৰ ধনৰ পৰাও এই সকল মহিলা ৷ অঞ্চলটোৰ ভিচিডিচি সদস্য সকলে স্বজন তোষণৰ মাজত সোমাই পৰাৰ পৰিপ্ৰেক্ষিততেই অৰুণোদয় আঁচনিৰ সুবিধা নাপায় যোগ্য প্ৰাৰ্থীয়ে ৷ সেয়ে চিকনীবাৰীৰ মহিলা সকলে বুধবাৰে প্ৰতিবাদ মুখৰ হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত ৷

আনকি এই আঁচনিৰ ধন পাব লগা অঞ্চলটোৰ বিকলাংগ, বিধৱা মহিলা আৰু বহু দুখীয়া পৰিয়ালৰ লোকঅৰুণোদয় লাভৰ পৰা বঞ্চিত ৷ সেয়ে এই সকল মহিলাক অৰুণোদয় আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে ৷ প্ৰয়োজনত নতুনকৈ জৰীপ কৰি হ’লেও অৰুণোদয় আঁচনিৰ ধন লাভৰ দাবী জনাই প্ৰতিবাদ মুখৰ হৈ পৰে এই সকল মহিলা ৷

Also Read: অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ৰবীন্দ্ৰ জয়ন্তী উদযাপন...

GOVT OF ASSAM