/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/5a3a9bc4-b363-4d21-b5a3-b1d74a1dd5ba/tamulpur.jpg)
ডিজিটেল সংবাদ,তামুলপুৰঃ তামুলপুৰ মহকুমা ৰঙালী বিহু সন্মিলনৰ এইবেলি হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । তামুলপুৰ আঞ্চলিক হৰি মন্দিৰ প্ৰাংগণত অহা ৩,৪ আৰু ৫ ব'হাগত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হ'বলগীয়া হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ইতিমধ্যে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীক সভাপতি, বি টি আৰৰ এম চি এল এ হেমন্ত কুমাৰ ৰাভাক কাৰ্যকৰী সভাপতি আৰু শ্যামল দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এটি শক্তিশালী উদযাপন সমিতি গঠন কৰা হৈছে।
মঙলাবাৰে পুৱাৰ ভাগত এক মাংগলিক পৰিৱেশত হীৰক জয়ন্তী বৰ্ষ বিহু উদযাপনৰ প্ৰথম প্ৰস্ততি হিচাপে বিহুৰ লাইখুটা স্থাপন কৰা হয়। লাইখুটা স্থাপন কৰে বি টি আৰৰ এম চি এল এ হেমন্ত কুমাৰ ৰাভাই। লাইখুটা স্থাপন অনুষ্ঠানত উদযাপন সমিতিৰ উপ সভাপতি গোপাল ৰাজবংশী, সাধাৰণ সম্পাদক শ্যামল দাস,উপদেষ্টা চমেন পাঠক,স্থায়ী সমিতিৰ সম্পাদক কানু কলিতা প্ৰমুখ্যে বিভিন্ন বিভাগৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3c7415d0-c605-4122-a79f-2e2a0b0300e1/285790f2_bac6_448d_aff4_6edc236cdb36.jpg)
Also Read: দৰঙৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যপাল গোলাপ চান্দ কাতাৰীয়াৰ