/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d5deb87c-1636-4446-be9a-4172df88b5a6/golap.jpg)
ডিজিটেল সংবাদ,মঙলদৈঃ দৰং জিলাৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহন কৰাৰ উদ্দেশ্যে মঙলবাৰে জিলাখনত উপস্থিত হয় ৰাজ্যপাল গোলাপ চান্দ কাতাৰীয়া ৷ বিশেষকৈ অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয়, টাংনি চাহবাগিছা আদৰ্শ বিদ্যালয় , মঙলদৈ কেঞ্চাৰ কেয়াৰ হাস্পতাল পৰিদৰ্শন কৰি আবেলি ভাগত জিলাৰ সকলো বিভাগৰ মুৰব্বীৰ লগত উপায়ুক্তৰ কাৰ্যালয়ত আলোচনাত মিলিত হয় ৷
উল্লেখযোগ্য যে টাংনী চাহবাগিছা আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সতে ৰাজ্যপাল গৰাকীয়ে মত বিনিময় কৰাৰ লগতে শিক্ষকসকলৰ শিক্ষণ প্ৰণালীৰ বুজ লয়। ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যপাল কাতাৰীয়াক গামোচাৰে আদৰণি জনায় ৷
ৰাজ্যপালগৰাকীয়ে অসম দক্ষতা বিকাশ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয় আৰু মুখ্যমন্ত্ৰীৰ সপোনৰ এই আঁচনি কম সময়ৰ ভিতৰত নিৰ্মাণ সম্পূৰ্ণ হৈ দক্ষতাযুক্ত ছাত্ৰ-ছাত্ৰী ওলাই আহিব বুলি আশা প্ৰকাশ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/d8d7a020-9a65-4f9f-b4c7-a3c4c074fc17/5d0ce2ae_1d52_4e2e_86b6_b1403009de0f.jpg)
Also Read: "ধনশিৰি পাৰৰ বিহুনাম" শীৰ্ষক গ্ৰন্থ উন্মোচন