/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/00fc689a-62b5-4122-ac15-c927ae565095/Tamulpurrrrrrr.jpg)
ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ বিধান সভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ উদ্যোগত তামুলপুৰৰ সামগ্ৰিক উন্নয়নৰ লগতে শৈক্ষিক উত্তৰণৰ বাবে এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৷ মানৱ সম্পদ সৃষ্টিৰ বাবে বিধায়ক গৰাকীয়ে বিগত বৰ্ষত সমষ্টিটোৰ শিক্ষিত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত প্ৰতিযোগিতামূলক পৰীক্ষা বিশেষকৈ অসম লোক সেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ নিজাববীয়াকৈ এপিএছচি চুপাৰ-৫ বাচনি পৰীক্ষা অনুষ্ঠিত কৰিছিল। বাচনি পৰীক্ষাত উত্তীৰ্ণ ৫ গৰাকী ছাত্ৰ-ছাত্ৰীক উক্ত প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে বিনামূলীয়া ক'চিঙৰ দিহা কৰিছিল ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e50d463b-4303-49e8-bdf0-e66d5958208c/dc44076a_9a02_4823_94bf_66615b16b0b2.jpg)
এইবেলিও ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰি এপিএছচিৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে এবছৰীয়া বিনামূলীয়া ক'চিঙৰ দিহা কৰিছে ৷ তদুপলক্ষে দেওবাৰে বিধায়কগৰাকীয়ে দলীয় কৰ্মীসকলৰ সহযোগত এপিএছচি চুপাৰ-১০ৰ বাবে আবেদন কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এক বাচনি পৰীক্ষা অনুষ্ঠিত কৰে ৷ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা এই বাচনি পৰীক্ষাত ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/d2d2aa93-16bc-4a71-a3ee-163809a773fd/22a12eb9_c2c2_4f7b_b6b3_0ae2065f3a93.jpg)
১৬০ গৰাকীৰ পৰাই ১০ গৰাকী ছাত্ৰ-ছাত্ৰী নিৰ্বাচন কৰি এপিএছচিৰ বাবে বিনামূলীয়াকৈ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব । পৰীক্ষাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এক অৰিয়েণ্টেচন কাৰ্যসূচী গ্ৰহণ কৰে ৷ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে বিটিআৰৰ চীফ প্ৰমোদ বড়োৱে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/b69e829f-9e03-4375-8f54-909246b45a4e/e5bb25ae_452e_4365_92bb_cdc88573df53.jpg)
বড়োৱে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ৰখা বক্তব্যত সদায় একাগ্ৰতাৰে অধ্যয়ন কৰি ভৱিষ্যতৰ দিনত খোজ দিবলৈ আহ্বান জনায়৷ লগতে পৰীক্ষাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰে বিটিআৰ চীফ গৰাকীয়ে ৷ অনুষ্ঠানত বিধায়ক জলেন দৈমাৰীৰ লগতে তামুলপুৰৰ এবছু, আৰছু, এবিএমছু আদি ছাত্ৰ সংগঠনৰ নেতা কৰ্মসকল উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/55e99853-b221-4b68-bdae-4bcde7aa2b75/46e04f0f_386d_4487_a224_89bec929f734.jpg)
Also Read: কৰিমগঞ্জৰ বদৰপুৰত পথ দুৰ্ঘটনা: থিতাতে নিহত এজনৰ বিপৰীতে আহত...