তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহত উপস্থিত থাকিব হাৰ্টথ্ৰৱ জুবিন গাৰ্গ

কাইলৈ মুকলি অধিৱেশনো অনুষ্ঠিত হ'ব৷ কাইলৈ নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷

author-image
Asomiya Pratidin
New Update
তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহত উপস্থিত থাকিব হাৰ্টথ্ৰৱ জুবিন গাৰ্গ

ডিজিটেল সংবাদ, তামুলপুৰঃ দেওবাৰৰ পৰা তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ খনি বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় ৷ আজি ৰাতিপুৱা মুখ্যদ্বাৰ উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ পতাকা উত্তোলন কাৰ্যসূচীৰ মূল পতাকা উত্তোলন কৰে প্ৰাক্তন ছাত্ৰ সমাৰোহ উদযাপন সমিতিৰ সভাপতি বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ ৱড়োৰ লগতে ৭০ খন পতাকা উত্তোলন কৰে তামুলপুৰৰ সামাজিক ক্ষেত্ৰত কৰ্মৰত লোকসকলে ৷

Advertisment

পাছত স্মৃতি তৰ্পন কাৰ্যসূচীৰ ৰূপায়ণ কৰা হয় ৷ দুপৰীয়া কেৰিয়াৰ গাইড অনুষ্ঠানৰ পিছত সমাৰোহ উপলক্ষে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সন্মিলন, স্মৃতিগ্ৰন্থ উন্মোচন সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। সোমবাৰে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰিব সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। কাইলৈ মুকলি অধিৱেশনো অনুষ্ঠিত হ'ব৷ কাইলৈ নিশা সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰিব বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে ৷

Also Read: জাতীয়তাবাদী যুৱ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতি গঠন

tamulpur ex student reunion zubeen garg