জাতীয়তাবাদী যুৱ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতি গঠন

জাতীয়তাবাদী যুৱ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতি গঠন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ৰাজ্যখনক পূৰ্ণ স্বায়ত্ব শাসন ব্যৱস্থা প্ৰৱৰ্তন , দ্বি নাগৰিকত্বৰ ব্যৱস্থা প্ৰয়োগ, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা গ্ৰহণ আদি বহু গুৰুত্বপূৰ্ণ দাবীক উপজীৱ্য কৰি গঠিত ৰাজ্যখনৰ অন্যতম সংগ্ৰামীসত্বা স্বৰূপ অসম জাতীয়তাবাদী যুৱ পৰিষদ। সংগঠনটোৰ লখিমপুৰ জিলা সমিতিৰ অধীনৰ ঘিলামৰা আঞ্চলিক সমিতিখনৰ সাংগঠনিক বুনিয়াদ শক্তিশালীকৰণৰ লগতে সমিতিখন পুনৰগঠনৰ লক্ষ্যৰে শনিবাৰে এখন গুৰুত্বপূৰ্ণ প্ৰতিনিধি সভা অনুষ্ঠিত হয়। ঘিলামৰা প্ৰেছ ক্লাৱৰ সভাগৃহত ঘিলামৰা শাখা সাহিত্য সভাৰ  সভাপতি দণ্ডীধৰ গোহাঁইযে শুভ উদ্বোধন কৰে এই প্ৰতিনিধি সভাৰ ।

ঘিলামৰাৰ গৰিষ্ঠ সংখ্যক সমাজ সচেতকৰ লগতে সচেতন নাগৰিক মঞ্চৰ মুখ্য উপদেষ্টা কেশৱ গগৈ , সচেতন নাগৰিক মঞ্চৰ সভাপতি দেৱেন ফুকন , ঘিলামৰা ব্যৱসায় সন্থাৰ সভাপতি দিপেন হাজৰিকা , ঘিলামৰা প্ৰেছ ক্লাৱৰ সভাপতি অতুল বৰুৱা আদি উপস্থিত থকা উদ্বোধনী অনুষ্ঠানত ব্যক্তি সকলে ঘিলামৰাৰ বিভিন্ন অভাৱ সমস্যাৰ ওপৰত বক্তব্য আগবঢ়াই এনেবোৰ অভাৱ পূৰণৰ ক্ষেত্ৰত যুৱ পৰিষদৰ সক্ৰিয় আৰু জন দায়বদ্ধ ভূমিকা কামনা কৰে।

ইয়াৰ পাছতে অনুষ্ঠিত হয় পৰিষদৰ প্ৰতিনিধি সভা । অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক মোবিন আহমেদে সভাপতিত্ব কৰা সভাত উদ্দেশ্য বাখ্যা আগবঢ়াই লখিমপুৰ জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰাজীৱ তালুকদাৰে । গৰিষ্ঠ সংখ্যক প্ৰতিনিধি আৰু কৰ্মকর্তা উপস্থিত থকা সভাত জাতীয়তাবাদী যুৱ পৰিষদৰ  উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সভাপতি মনোজ কলিতাই সংগঠনৰ দৃষ্টিভংগী আৰু মতাদৰ্শ সন্দৰ্ভত আৰু সাংগঠনিক দিশৰ ওপৰত বক্তব্য আগবঢ়াই আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক প্ৰবীণ হাজংয়ে।সংগঠনটোৰ কেন্দ্ৰীয় নেতৃবৰ্গই পৰিষদৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে মূল দাবী পূৰ্ণস্বায়ত্ব শাসন, দ্বি নাগৰিকত্ব প্ৰদান, অসমত ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা আদিৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই।জনাকীৰ্ণ সভাতেই টুলটুল ভৰালী আৰু ধৰণী হাজৰিকাক উপদেষ্টা জিন্টু ভৰালীক সভাপতি, কৌশিক ৰঞ্জন দত্তক সাধাৰণ সম্পাদক, দিপাঙ্কৰ চমুৱাক  বিত্ত সম্পাদক,  অংকিতা ৰাণী ভৰালী, পৰিস্মিতা হাজৰিকা , সৌৰভ হাজৰিকাক শিক্ষা আৰু সাংস্কৃতিক  সম্পাদক হিচাপে লৈ মুঠ ৫১ জনীয়া শক্তিশালী ঘিলামৰা আঞ্চলিক সমিতিখন গঠন কৰা হয় ।

নৱগঠিত ঘিলামৰা আঞ্চলিক সমিতিখনৰ প্ৰতিনিধি সভাই উপদেষ্টা টুলটুল ভৰালীক জিলা সমিতিৰ প্ৰতিনিধি হিচাপে প্ৰেৰণৰ প্ৰস্তাৱ গ্ৰহণ কৰে । সাম্প্ৰতিক সময়ত বিৰোধী সংগঠন শূণ্য আৰু তথাকথিত সংগঠন সমূহৰ নিস্তেজ ভূমিকাৰ বিপৰীতে পৰিষদৰ নবগঠিত সমিতিখনে ৰাইজৰ পক্ষত থিয় দি ৰাইজৰ হকে সবল স্থিতি গ্ৰহণ কৰি যাব বুলি ঘিলামৰাবাসীয়ে আশা প্ৰকাশ কৰিছে।

জাতীয়তাবাদী যুৱ পৰিষদৰ ঘিলামৰা আঞ্চলিক সমিতি গঠন
৩১ জানুৱাৰীৰ পৰা অসম সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in